জোনমণিৰ বিৰুদ্ধে গোচৰ দিছিল কোনে?

জোনমণিৰ বিৰুদ্ধে গোচৰ দিছিল কোনে?

author-image
Asomiya Pratidin
New Update
জোনমণি ৰাভাৰ আকস্মিক মৃত্যু, শেষ হ'ল এটি সম্ভাৱনাৰ...

জোনমণিৰ বিৰুদ্ধে গোচৰ দিছিল কোনে?

ডিজিটেল ডেস্কঃ জোনমণিৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল এগৰাকী মহিলাই। মহিলাগৰাকীৰ নাম আমিনা খাটুন। এই মহিলাগৰাকীৰ ঘৰ লখিমপুৰ জিলাৰ নাওবৈচাৰ বৰছলাত।

Advertisment

মহিলগৰাকীৰ পুত্ৰ আজগৰ আলীক কৰায়ত্ত কৰিবলৈ নগাঁৱৰ পৰা লখিমপুৰলৈ গৈছিল জোনমণি ৰাভা আৰু নগাঁৱত আটক কৰা কেইবাজনো অভিযুক্ত। ধনৰ বিনিময়ত অত্যাচাৰ চলাই আমিনা খাটুনৰ পুত্ৰক এৰি দিয়া বুলি এজাহাৰত উল্লেখ কৰা হৈছিল।

ইয়াৰ বিনিময়ত নগদ ৬ লাখ ৮০ হাজাৰ টকাৰ লেনদেন হোৱা বুলি উল্লেখ কৰিছিল মহিলাগৰাকীয়ে । সেই সংক্ৰান্তত ১৫ মে' ২০২৩ ত লখিমপুৰ সদৰ আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰিছিল।

এই বিষয়ে জনাইছিল নগাওঁ আৰক্ষী অধীক্ষকক। ভাৰতীয় দণ্ডবিধিৰ 120 B, 395, 397, 342, 387 ধাৰাত এই গোচৰ ৰুজু হৈছিল। নাওবৈচাৰ বৰছলাৰ বাসগৃহত বৰ্তমান নাই আমিনা খাটুনৰ পৰিয়ালৰ কোনো লোক।

জোনমণি ৰাভাৰ মৃত্যুৰ পাছত ঘৰত তলা মাৰি আত্মগোপন কৰি আছে পৰিয়ালটোৱে। পৰিয়ালৰ আটাইকেইজন লোকৰে মোবাইল নম্বৰসমূহো বন্ধ কৰি থোৱা আছে।

Also Read: জোনমণিঃ এখন এজাহাৰেই কাল হ'ল নেকি?

জোনমণি ৰাভা