বিফল "লুনা-২৫": নিয়ন্ত্ৰণ হেৰুৱাই চন্দ্ৰপৃষ্ঠত খুন্দা অভিলাষী চন্দ্ৰযানৰ...

বিফল "লুনা-২৫": নিয়ন্ত্ৰণ হেৰুৱাই চন্দ্ৰপৃষ্ঠত খুন্দা অভিলাষী চন্দ্ৰযানৰ...

ডিজিটেল ডেস্কঃ বিফল হ'ল ৰাছিয়াৰ অভিলাষী চন্দ্ৰ অভিযান "লুনা-২৫"। নিয়ন্ত্ৰণহীন হৈ চন্দ্ৰপৃষ্ঠত খুন্দা মাৰিলে "লুনা-২৫"য়ে। এই কথা ঘোষণা কৰিছে অভিযানখন উৎক্ষেপন কৰা ৰাছিয়াৰ মহাকাশ সংস্থা 'ৰস্কোছমছে'।

ৰাছিয়াৰ সময় অনুসৰি মহাকাশ সংস্থা ৰস্কোছমছেৰ সৈতে শনিবাৰে দুপৰীয়া ২:৫৭ বজাত লুনা-২৫ৰ যোগাযোগ বিচ্ছিন্ন হয়। প্ৰি-লেণ্ডিং কক্ষপথত স্থাপন কৰাৰ পাছতে বিফলতাৰ সন্মুখীন হয় মহাকাশযানখন।

উল্লেখ্য বিগত ১০ আগষ্ট তাৰিখে অভিষালী চন্দ্ৰযান লুনা-২৫ক উৎক্ষেপন কৰিছিল সংস্থাটোৱে। ইয়াৰ ১০ দিনৰ অন্তত ১১ দিনৰ দিনা অৰ্থাৎ ২১ আগষ্ট তাৰিখে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা কথা আছিল লুনা-২৫ৰ। অৱতৰণৰ ২টা দিন পূৰ্বে নিয়ন্ত্ৰণহীন হেৰুৱাই বিফল হয় প্ৰায় ২০০ মিলিয়ন ডলাৰ খৰচৰ অভিলাষী চন্দ্ৰ অভিযানখন।

বিফল "লুনা-২৫": নিয়ন্ত্ৰণ হেৰুৱাই চন্দ্ৰপৃষ্ঠত খুন্দা অভিলাষী চন্দ্ৰযানৰ...
মানকাচৰত ই-ৰিক্সা চালকৰ মাজত পথ সুৰক্ষা আইনৰ সজাগতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in