মানকাচৰত ই-ৰিক্সা চালকৰ মাজত পথ সুৰক্ষা আইনৰ সজাগতা

মানকাচৰত ই-ৰিক্সা চালকৰ মাজত পথ সুৰক্ষা আইনৰ সজাগতা

ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰ টাউনত বৃদ্ধি পাইছে ই-ৰিক্সা। পৰিবহন বিভাগৰ নিয়ম অমান্য কৰি একাংশ চালকে ই-ৰিক্সা চলাই থকাত দেওবাৰে মানকাচৰ আৰক্ষীয়ে সহস্ৰাধিক ইৰিক্সা চালকক লৈ পথ সুৰক্ষা আইনৰ ওপৰত সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰে।

মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰগোৱাৰীৰ লগতে কেইবাগৰাকী আৰক্ষীৰ উপ-পৰিদর্শকৰ উপস্থিতিত মানকাচৰ জে এম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত এই সজাগতাৰ আয়োজন কৰা হয়। সজাগতামূলক কাৰ্যসূচীত উপস্থিত থকা ই-ৰিক্সা চালকক পথ সুৰক্ষা আইন মানি চলাচল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হয়। তদুপৰি ১৮ বছৰৰ তলৰ কোনো যুৱকক ই-ৰিক্সা মালিকসকলে চালক হিচাপে নিযুক্তি নিদিবলৈ মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে আহ্বান জনায়।

লগতে সকলো ই-ৰিক্সাৰ পঞ্জীয়ন কৰা, বজাৰত যধে মধে পাৰ্কিং নকৰা ইত্যাদি বিষয়ৰ ওপৰতো আলোচনা কৰা হয়। কোনো ই-ৰিক্সা মালিক বা চালকে পথ সুৰক্ষা আইন নামানিলে তেওঁলোকৰ বিৰুদ্ধে জৰিমনা প্ৰদান কৰা হ'ব। লগতে ১৮ বছৰৰ তলৰ যুৱকে ই-ৰিক্সা চলালে তেওঁৰো জৰিমনা বিহা হ'ব বুলি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জানিবলৈ দিয়ে।

মানকাচৰত ই-ৰিক্সা চালকৰ মাজত পথ সুৰক্ষা আইনৰ সজাগতা
কাজিৰঙাৰ পথ-পথাৰত উগ্ৰমূৰ্তি এশিঙীয়াৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in