ৰাছিয়াৰ বোমা বৰ্ষণৰ শব্দ নুশুনিবলৈ আশ্ৰয় লৈছিল পিয়ানোৰ...

ৰাছিয়াৰ বোমা বৰ্ষণৰ শব্দ নুশুনিবলৈ আশ্ৰয় লৈছিল পিয়ানোৰ...

ডিজিটেল ডেস্ক : যুদ্ধৰ ভয়াৱহতাৰ সৈতে মানৱ সমাজৰ পৰিচয় বহু পুৰণি । প্ৰতিটো যুগতেই যুদ্ধই জুৰুলা কৰি আহিছে মানুহক । বিশ্ব শান্তি যেন কেৱল কাগজে পত্ৰই হে বিৰাজমান । দুখনকৈ বিধ্বংসী বিশ্ব যুদ্ধৰ পৰাও শিক্ষা ল'ব নোৱাৰিলে মানুহে । ৰাছিয়াৰ ইউক্ৰেইন আগ্ৰাসনে ধ্বংসস্তূপত পৰিণত কৰিলে দেশখনক । চাৰিওফালে কেৱল জুই, ট্ৰেন্স, ভগা অট্টালিকা । সমগ্ৰ ৰাজধানী চহৰ খন খান্দি বাংকাৰ বনাই পেলোৱা হ'ল আকাশী বোমাৰ পৰা হাত সাৰিবলৈ । এই ভয়াৱহতাৰ মাজতো কিন্তু মানুহক আশা দিয়ে সংগীতে ।

দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াৱহতাৰ ওপৰত নিৰ্মাণ কৰা হৈছিল এখন সৰ্ব সমাদৃত বোলছবি । দা পিয়ানিষ্ট । জাৰ্মান সেনাৰ অত্যাচাৰৰ মাজত দেশ এৰিবলৈ বাধ্য হৈছিল এটি ইহুদী পৰিয়াল । কিন্তু থাকি গৈছিল পৰিয়ালটিৰ এজন সদস্য । এই সদস্য জনেই আছিল পিয়ানো বাদক । যুদ্ধৰ ধ্বংসস্তূপৰ মাজত উচুপি উচুপি পিয়ানো বজাই থকা দৃশ্যটোৱে কন্দুৱাইছিল সমগ্ৰ বিশ্বক ।

বোলছবিৰ কাহিনী এইবাৰ সংঘটিত হ'ল জীৱনত । ৰাছিয়াৰ আকাশী বোমাৰ শব্দই কপাই গৈছিল ইউক্ৰেইনবাসীক । তাৰ মাজতেই নিজকে শান্ত কৰিবলৈ পিয়ানোত আঙুলি বুলাইছিল কনমাণি ভেৰ'নিকা আহাফোনোভাই । ইউক্ৰেইনৰ খাৰকিভ চহৰৰ বাসিন্দা এতিয়া সংযুক্ত যুক্তৰাষ্ট্ৰৰ শৰণাৰ্থী ।

প্ৰখ্যাত সংবাদ মাধ্যম বি বি চি ৰ এক চুটিছবিত ১৫ বছৰীয়া ভেৰ'নিকাই কৈছিল যুদ্ধৰ মাজত পিয়ানো বাদনৰ কথা । চাৰিওফালে বোমা বৰ্ষণৰ শব্দ, তাৰ মাজতেই সমস্ত শক্তিৰে পিয়ানো বজাইছে এগৰাকী কিশোৰীয়ে । যাতে বোমাৰ শব্দ আহি নপৰে কিশোৰী গৰাকী অথবা পৰিয়ালৰ আন সদস্যৰ কাণত । এগৰাকী শিশুৰ বাবে ইমানেই সৰল অথচ ভয়াৱহ এই যুদ্ধ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in