এন এছ চি এন-কেৰ সভাপতি খাংগোক কন্যাকক সভাপতি পদৰ পৰা অপসাৰণ

ভি পি লুয়ানবা ইমখিউঙক নতুন সভাপতি নিযুক্তি
এন এছ চি এন-কেৰ সভাপতি খাংগোক কন্যাকক সভাপতি পদৰ পৰা অপসাৰণ

ডিজিটেল সংবাদ, ৱাখা : নগা বিদ্ৰোহী সংগঠন এন এছ চি এন কেৰ সভাপতি খাংগো কন্যাকে সংগঠনৰ সংবিধানৰ বিৰুদ্ধে গৈ স্বেচছাৰীতাৰে সম্পাদক ইছাক চুমীক যোৱা ৪ জানুৱাৰীত বহিস্কাৰ কৰাৰ পাছতে আজি সংগঠনটোৰ জৰুৰী কাৰ্যনিৰ্বাহ অনুষ্ঠিত কৰি সভাপতি খাংগো কন্যাকক অপসাৰণ কৰে ।

এন এছ চি এন কেৰ এক সূত্ৰই জানিব লৈ দিয়ামতে সংগঠনটোৰ জৰুৰীকালীন সাধাৰণ সভাৰ কাৰ্যনিৰ্বাহকৰ ৯০% তকৈ অধিক সদস্যৰ সংখ্যাগৰিষ্ঠতা’ৰে গঠিত সদনে খাংগো কন্যাকক সাংবিধানিক নীতি-নিয়ম উলংঘাৰ বাবে সভাপতি পদৰ পৰা অপসাৰণ কৰে ।

সদনে সাধাৰণ সম্পাদক ইছাক চুমিৰ বহিস্কৰণ বাতিল কৰে । ইফালে বিদ্ৰোহী সংগঠনটোৰ উপসভাপতি লুয়ানবা ইমখিউঙে পৰৱৰ্তী সিদ্ধান্ত নোলোৱালৈকে ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব ল’ব বুলিও কোৱা হৈছে। ইপিনে গোটটোৱে নাগা নেচনেল পলিটিকেল গ্ৰুপ অৰ্থাৎ এন এন পি জিৰ বেনাৰত সন্মানীয় নাগা ৰাজনৈতিক সমস্যা সমাধানৰ ভাৰত চৰকাৰৰ সৈতে আলোচনা অব্যাহত ৰাখিব লুয়ানবা ইমখিউং আৰু ইছাক ছুমিয়ে।

উল্লেখযোগ্য যে বৰ্তমানৰ এন এছ চি এন কেই চৰকাৰে ভাৰত চৰকাৰ সৈতে যুদ্ধবিৰতি ৰক্ষা কৰি থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in