১০৩ ঘন্টা ধ্বংসস্তূপৰ মাজত আৱদ্ধ ৫ বছৰীয়া কণমানি, পৰিয়াল বুলিবলৈ এতিয়া কেৱল ককাক

১০৩ ঘন্টা ধ্বংসস্তূপৰ মাজত আৱদ্ধ ৫ বছৰীয়া কণমানি, পৰিয়াল বুলিবলৈ এতিয়া কেৱল ককাক

ডিজিটেল ডেস্ক : "এজন লোকৰ মৃত্যু দুখজনক, হেজাৰ জনৰ মৃত্যু পৰিসংখ্যা" এই কথাষাৰকেই আকৌ এবাৰ প্ৰমাণ কৰিলে তুৰস্ক আৰু ছিৰিয়াৰ হৃদয়বিদাৰক ভূমিকম্পই । চৰকাৰী তথ্য অনুসৰি, ২৪০০ হেজাৰৰো অধিক লোকৰ মৃত্যু হোৱা এই ভুমিকম্পই নিথৰুৱা কৰিলে বহু লোকক । কাৰোবাৰ পিতৃ-মাতৃ, কাৰোবাৰ সন্তান, কাৰোবাৰ প্ৰিয়জন... সকলো মুহুৰ্তৰ ভিতৰতেই নি:শেষ হৈ গ'ল ভূমিকম্পৰ প্ৰকোপত । প্ৰকৃতিতকৈ শক্তিশালী আৰু নিষ্ঠুৰ আন কোনো নাই সেয়‍াও প্ৰমাণিত হ'ল ।

কিন্তু ভূমিকম্পৰ সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক সকলে দেখিলে অন্য এখন পৃথিৱী । কোনোবাই যদি হেজাৰ টনৰ ধ্বংসস্তূপৰ তলত া আৱদ্ধ হৈ থকা মৃত কন্যাৰ হাতখন সাৱটি বহি আছে নিথৰ হৈ, আন কোনোবাই আকৌ চেনেহ আৰু সাহসৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰি কুশলে ৰাখিলে কণমানি ভাতৃক ।

এই ধ্বংসস্তূপৰ মাজতেই ১০৩ ঘন্টা আৱদ্ধ হৈ আছিল ৫ বছৰীয়া কণমানি আৰাছ । উদ্ধাৰকাৰীৰ দলে ততাতীয়াকৈ চিকিৎসালয়ৰ জৰুৰীকালীন শাখাত ভৰ্তি কৰাইছিল আৰাছক । কণমানি শৰীৰটোৰ উষ্ণতা হ্ৰাস পাই হৈছিল গৈ ২৮ ডিগ্ৰী ছেলচিয়াছ । আৰাছ জীয়াই থাকিল কিন্তু ভূমিকম্পত হেৰুৱালে ৭ বছৰীয়া ভগ্নী হীৰানুৰ, ৯ বছৰীয়া ভাতৃ আল্প আৰফু পিতৃক । নিঠৰুৱা আৰাছক চিকিৎসালয়ৰ সান্তনা দিবলৈ এতিয়া আছে কেৱল ৭২ বছৰীয়া বৃদ্ধ ককাক ।

বৃদ্ধ ককাকৰ ভাষ্য অনুসৰি, আগন্তুক সময়ছোৱাত ককাকেই আপদাল কৰিব আৰাছক । ইয়াৰ উপৰিও আৰাছক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ককাক মেহমেটে । জীৱনৰ মাথো পাচোটা বছৰতেই আৰাছ সন্মুখীন হ'ব লগীয়া হ'ল প্ৰচণ্ড প্ৰত্যাহ্বানৰ । নিমিষতে হেৰুৱালে নিজৰ পৰিয়ালক । কিন্তু চিকিৎসালয় খনৰ জৰুৰীকালীন শাখাত দুখৰ মাজতো হাঁহি বিৰিঙিলে আৰাছৰ মুখলৈ । এখন পুতলা গাড়ীৰ সৈতে খেলাত ব্যস্ত আৰাছ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in