বি বি চিৰ দিল্লী, মুম্বাইস্থিত কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান

বি বি চিৰ দিল্লী, মুম্বাইস্থিত কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান

ডিজিটেল ডেস্ক : সোমবাৰে বিশ্ব বিখ্যাত সংবাদ প্ৰতিষ্ঠান বৃটিছ ব্ৰ'ডকাষ্টিং কৰ্প'ৰেছনৰ দিল্লী আৰু মুম্বাইস্থিত কাৰ্যালয়ত অভিযান চলাই আয়কৰ বিভাগে । জমা লোৱা হ'ল কৰ্মচাৰীসকলৰ মবাইল ফোন আৰু কাৰ্যালয়ৰ পৰা নিজা নিজা বাসগৃহলৈ উভতিবলৈ নিৰ্দেশ দিয়া হ'ল সকলোকে ।

উল্লেখ্য যে, আয়কৰ বিভাগৰ এই অভিযান, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গুজৰাট কাণ্ডৰ সময়ৰ ভূমিকাৰ ওপৰত আধাৰিত এক তথ্যচিত্ৰ বিবিচিয়ে প্ৰকাশ কৰাৰ কিছু সপ্তাহ পাছতেই সংঘটিত হয় । যাৰ বাবে বিৰোধী দলৰ ৰাজনৈতিক নেতা সকলে এয়া পূৰ্ব পৰিকল্পিত ৰাজনৈতিক পদক্ষেপ আখ্যা দিয়ে অভিযানটোক ।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ আনুষ্ঠানিক টুইটাৰ একাউন্টৰ জৰিয়তে টুইট কৰা হ'ল যে, "প্ৰথমে তথ্যচিত্ৰখনৰ নিষিদ্ধকৰণ তাৰ পাছত আয়কৰ বিভাগৰ অভিযান । এয়াই অঘোষিত জৰুৰীকালীন অৱস্থা ।"

আনহাতে কংগ্ৰেছৰেই ৰাজনীতিবিদ জয়ৰাম ৰমেশৰ টুইট অনুসৰি, " কংগ্ৰেছে দাবী কৰিছিল আদানীৰ বিৰুদ্ধে আয়কৰ বিভাগৰ অভিযান, কিন্তু চৰকাৰ ব্যস্ত বিবিচিৰ বিৰুদ্ধে ।"

এতিয়া প্ৰশ্ন উঠিছে, সচাকৈয়ে নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে তথ্যচিত্ৰ নিৰ্মাণ কৰিয়েই বিপদত পৰিল নেকি বিবিচি ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in