এনে কি অপৰাধ কৰিলে যাৰ বাবে তেওঁক ২৪০ বছৰ কৰাদণ্ডৰে দণ্ডিত কৰা হ'ল...

এনে কি অপৰাধ কৰিলে যাৰ বাবে তেওঁক ২৪০ বছৰ কৰাদণ্ডৰে দণ্ডিত কৰা হ'ল...
এনে কি অপৰাধ কৰিলে যাৰ বাবে তেওঁক ২৪০ বছৰ কৰাদণ্ডৰে দণ্ডিত কৰা হ'ল...

ডিজিটেল ডেস্কঃ এজন ব্যক্তিৰ আয়ুস কিমান? সৰ্বাধিক ১০০ বছৰ ! সেইদৰে এজন ব্যক্তিক যিকোনো এক অপৰাধৰ বাবে সৰ্বাধিক কিমান বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হয়? ২০ বছৰ? অথবা যাৱজ্জীৱন।

যিকোনো এক অপৰাধ সংঘটিত কৰিলে সকলো দেশতেই আইন অনুসৰি শাস্তি দিয়াৰ নিয়ম। অপৰাধ গুৰুতৰ হ’লে আইন অনুসৰিয়েই অপৰাধীক কেতিয়াবা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে আন কাৰোবাক আকৌ মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ নিয়ম।

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ব্যক্তিও ২০ বছৰ কাৰাবাসত থাকি মুকলি আকাশৰ তললৈ আহাৰ উদাহৰণ আছে। কিন্তু আপুনি কেতিয়াবা কল্পনা কৰিব পাৰেনে এজন ব্যক্তিক তেওঁ কৰা অপৰাধৰ বাবে ২৪০ বছৰৰো অধিক সময় কাৰদণ্ডৰে দণ্ডিত কৰিব পাৰে?

এজন ব্যক্তিৰ আয়ুসৰ দুগুণতকৈ অধিক সময় কাৰাদণ্ডৰে দণ্ডিত কৰাৰ এই ঘটনা সংঘটিত হৈছে আমেৰিকা যুক্ত ৰাষ্ট্ৰত। যুক্ত ৰাষ্ট্ৰৰ এজন ব্যক্তি হত্যাৰ গোচৰত অভিযুক্ত হোৱাৰ বাবেই তেওঁক ২৪০ বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে।

যুক্তৰাষ্ট্ৰৰ ইণ্ডিয়ানাপলিছত ৪ জন লোকক গুলীয়াই হত্যা কৰাৰ বাবে লেচন ৱাটকিনছন নামৰ লোকজনক দোষী সাব্যস্ত কৰি ২৪০ বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে।

২০২০ ৰ ফেব্ৰুৱাৰীত সংঘটিত হোৱা এই হত্যাকাণ্ডৰ বলি হৈছিল ২০ বছৰীয়া মাৰ্চেল উইলছ, ২১ বছৰীয়া ব্ৰেক্সটন ফৰ্ড, জালান ৰবাৰ্টছ আৰৰু ২১ বছৰীয়া কেমাৰী হাণ্ট।

এনে কি অপৰাধ কৰিলে যাৰ বাবে তেওঁক ২৪০ বছৰ কৰাদণ্ডৰে দণ্ডিত কৰা হ'ল...
সাৱধান, ঘৃণা বিয়পোৱা ভাষণ দিলেই যাব লাগিব জে'ললৈ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in