/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/8004c37d-673f-48e8-8faf-278e0d02c781/AP_FOR_WEB_12.jpg)
সাৱধান, ঘৃণা বিয়পোৱা ভাষণ দিলেই যাব লাগিব জে'ললেই !
ডিজিটেল ডেস্কঃ সাৱধান, ঘৃণা বিয়পোৱা ভাষণ আগবঢ়োৱাৰ পূৰ্বে এতিয়াৰে পৰা দহবাৰ ভাবক বহুবল্কী ৰাজনৈতিক নেতাই হওক অথবা ৰাজনৈতিক মুনাফা আদায়কাৰী কোনোবা সংগঠনৰ নেতা, পালিনেতাই।
কিয়নো এই বিষয়ত এতিয়াৰে পৰা অধিক কঠোৰ হ’ব দেশৰ উচ্চতম ন্যায়ালয়। কোনো ব্যক্তিয়ে ঘৃণা বিয়পোৱা ভাষণ আগবঢ়ালে তেওঁৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।
শুকুৰবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহক ঘৃণা বিয়পোৱা ভাষণৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ন্যায়ালয়ে এই সন্দৰ্ভত কয়, যদি কোনো ব্যক্তিয়ে ঘৃণা বিয়পোৱা ভাষণ আগবঢ়ায় তেন্তে অভিযোগ অবিহনেই এজাহাৰ পঞ্জীয়ন কৰিব লাগিব।
ঘৃণা বিয়পোৱা ভাষণ সম্পৰ্কীয় গোচৰ ৰুজুহোৱাত পলম হ’লে আদালত অৱমাননা হিচাপে গণ্য কৰা হ’ব। ইয়াৰোপৰি ন্যায়লয়ে কয়, এনে ঘৃণা ভাষণ আগবঢ়োৱা ব্যক্তিজনৰ ধৰ্ম কি সেই বিষয়ত গুৰুত্ব দিয়াটো উচিত নহয়।
ন্যায়ালয়ে ধৰ্মনিৰপেক্ষ ধাৰণাটোক জীয়াই ৰখাৰো পোষকতা কৰে। উল্লেখ্য যে, এই সন্দৰ্ভত এক গোচৰৰ শুনানি গ্ৰহণ কৰি ২০২২ ত এনে এক আদেশ প্ৰদান কৰিছিল কেৱল উত্তৰ প্ৰদেশ, দিল্লী আৰু উত্তৰাখণ্ড চৰকাৰক।
এইবাৰ সেই আদেশৰেই পৰিসৰ সম্প্ৰসাৰিত কৰি সমগ্ৰ দেশক সামৰি লৈছে। ন্যায়ালয়ে কয়, ঘৃণামূলক ভাষণ এক গুৰুতৰ অপৰাধ, যিয়ে দেশৰ ধৰ্ম নিৰপেক্ষ গাঁথনিক প্ৰভাৱিত কৰিছে।
উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কে এম যোচেফ আৰু বি ভি নাগাৰাথনাৰ বিচাৰপীঠে দেশৰ কেইবাটাও প্ৰান্তৰ পৰা ঘৃণা বিয়পোৱাৰ ভাষণ সন্দৰ্ভত দাখিল হোৱা আৱেদনৰ এক শুনানি গ্ৰহণ কৰিছে। এই শুনানিৰ সময়তে ঘৃণ বিয়পোৱা ভাষণ সন্দৰ্ভত কয়, ধৰ্মৰ নামত আমি আজি ক’ত আহি উপস্থিত হৈছোহি? এয়া কিমান দুখনজক কথা!
ন্যায়াধীশকসকল অৰাজনৈতিক। A বা B কোনো ৰাজনৈতিক দলৰ লগত সম্পৰ্ক নাই। কেৱল ভাৰতৰ সংবিধানৰ কথাহে মনত আছে।
Also Read: বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ হাতত পৰশত প্ৰাণ পাই উঠিল ১০০ ৰেডিঅ'ৰ ভাস্কৰ্য