এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ! ৫০১ টা মৃণ্ময় মূৰ্তিৰে আয়োজন কৰা দুৰ্গা পূজা সফলভাৱে সম্পন্ন

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ! ৫০১ টা মৃণ্ময় মূৰ্তিৰে আয়োজন কৰা দুৰ্গা পূজা সফলভাৱে সম্পন্ন

ডিজিটেল সংবাদ,ঢাকা : এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছিল বাংলাদেশৰ বাগেৰহাটৰ লিটন শিকদাৰ নামৰ ব্যৱসায়ীজনৰ ঘৰত। মঙলবাৰে বিজয়া দশমীৰ দিনা মা দুৰ্গাৰ বিসৰ্জন পৰ্বত হাজাৰ হাজাৰ লোকৰ সমাগম হয়। উদযাপন সমিতিয়ে জনোৱামতে পুৱা ৯-৪২ বজাত দুৰ্গা পূজাৰ ধ্ৰুপদী নিয়ম-কানুন অনুসৰি দশমী পূজাৰ সমাপ্ত কৰা হয়।

এই সময়ছোৱাত উপস্থিত ভক্ত আৰু দৰ্শনাৰ্থীসকল আৱেগিক হৈ পৰে। ভালেসংখ্যক ভক্ত দেৱী বিসৰ্জনৰ সময়ত কান্দোনত ভাগি পৰে। শিকদাৰৰ ঘৰত নিৰ্মিত ৫০১ টা মূৰ্তি ভোলা নদীত বিসৰ্জন দিয়া হয়। ইফালে নিমজ্জন প্ৰক্ৰিয়া নিশা লৈকে চলি থাকে বুলি জানিবলৈ দিয়ে।

শিকদাৰৰ ঘৰত আয়োজিত ৫০১ টা মূৰ্তিৰে এছিয়াৰ সৰ্ববৃহৎ দুৰ্গা পূজাৰ সময়ত ষষ্ঠীৰ পৰা বিজয়া দশমীৰ দিনটোলৈকে স্থানীয় আৰু বিদেশী ভক্তই ভিৰ কৰে বুলি জনায়। ষষ্ঠীৰ দিনা পুৱা পৰম্পৰাগত নীতি-নিয়মৰ মাজেৰে ষষ্ঠী পূজা আৰম্ভ কৰা হৈছিল।

উদযাপন সমিতিয়ে জানিবলৈ দিয়ামতে, পূজাৰ সময়ছোৱাত প্ৰতিদিনে ৪ লাখৰো অধিক ভক্তৰ সমাগম হৈছিল। ৫ দিনত ২০ লাখতকৈও অধিক ভক্তই ভিৰ কৰিছিল। অনুষ্ঠানত খুলনাইন্দ্ৰজিৎ সাগৰৰ ভাৰতীয় সহকাৰী উচ্চায়ুক্ত, প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি গৌতম লাহিড়ী, বাগেৰহাটৰ উপায়ুক্ত মোঃ আবুল কালাম আজাদ ভালেসংখ্যক ব্যক্তিয়ে অনুষ্ঠানত উপস্থিত আছিল।

আনহাতে, শিকদাৰৰ ঘৰত আয়োজিত দুৰ্গা পূজাক লৈ অঞ্চলটোৰ লোকসকলও অতি উৎসাহিত হৈ পৰিছিল। উল্লেখ্য যে, সমাজকৰ্মী লিটন শিকদাৰে কৰোনাৰ বাবে যোৱা ৩বছৰ ধৰি সীমিতভাৱে পূজা উদযাপন কৰিছিল। অৱশ্যে এইবাৰ তেওঁ ৫০১ টা মূৰ্তিৰে পূজা অনুষ্ঠিত কৰে।

এই বছৰৰ ৫০১ টা মূৰ্তি সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলী যুগৰ পৌৰাণিক কাহিনীৰ ওপৰত আধাৰিত আছিল। এই মূৰ্তিবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু মণ্ডপটোৰ মুখ্য আকৰ্ষণ আছিল ৬৫ ফুট উচ্চতাৰ কুম্ভকৰ্ণৰ নিদ্ৰামগ্ন মৃণ্ময় মূৰ্তিটো।

১৫জন শিল্পীয়ে ৫০১ টা মূৰ্তি নিৰ্মাণৰ বাবে ৫ মাহ কাম কৰিছিল বুলি শিকদাৰে জানিবলৈ দিয়ে। তেওঁ কয়, "মূলতঃ আমি জনসাধাৰণক সনাতন ধৰ্মৰ বিষয়ে অৱগত কৰাৰ ব্যতিক্ৰমী ব্যৱস্থা কৰোঁ। এই অনুষ্ঠানটো এতিয়া মোৰ পাৰিবাৰিক অনুষ্ঠান নহয়। এইটো এটা সামাজিক উৎসৱ হৈ পৰিছে।

ইয়ালৈ অহা ভক্ত আৰু দৰ্শনাৰ্থীৰ সংখ্যা প্ৰতিদিনে বাঢ়ি আহিছে। আমি দৰ্শনাৰ্থীসকলৰ হৃদয় জয় কৰিবলৈ যথাসাধ্য চেষ্টা কৰি আছো। " মূৰ্তিৰ প্ৰাচুৰ্যৰ বাবে উক্ত পূজাখন হিন্দু ধৰ্মীয় নেতা আৰু ভক্তসকলৰ বাবে দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ দুৰ্গা পূজা মণ্ডপ হিচাপে বিখ্যাত হৈ পৰে বুলি উল্লেখ কৰে।

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ! ৫০১ টা মৃণ্ময় মূৰ্তিৰে আয়োজন কৰা দুৰ্গা পূজা সফলভাৱে সম্পন্ন
অগৰাতলি বনাঞ্চলৰ বনকৰ্মীৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in