অগৰাতলি বনাঞ্চলৰ বনকৰ্মীৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ

অগৰাতলি বনাঞ্চলৰ বনকৰ্মীৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
অগৰাতলি বনাঞ্চলৰ বনকৰ্মীৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ

ভুক্তভোগী

ডিজিটেল সংবাদ,বোকাখাত : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ বনকৰ্মীৰ বিৰুদ্ধে পুনৰ গুণ্ডাগিৰিৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি সোমবাৰে দুৰ্গা পূজা উপভোগ কৰি নিশা ঘৰলৈ উভতি যোৱাৰ সময়তে তামুলীপথাৰ গাঁৱৰ দুই যুৱকক তহলদাৰী বনকৰ্মীৰ দলে মাৰপিট কৰে।

Advertisment

গাড়ী দুয়োটা লাইট কিয় জলোৱা নাই বুলি প্ৰশ্ন কৰাৰ অপৰাধতে বনকৰ্মীয়ে যুৱকদ্বয়ক আক্ৰমণ কৰাৰ অভিযোগ তোলে। বুধবাৰে ঘটনা সন্দৰ্ভত বোকাখাত আৰক্ষী থানাত গোচৰ দাখিল কৰাৰ লগতে মহকুমাধিপতিলৈ ভুক্তভোগীয়ে অভিযোগপত্ৰ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ বনকৰ্মীয়ে বিগত ২৭ ছেপ্টেম্বৰতো দুজন যুৱকক শাৰীৰিকভাৱে অপদস্ত কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

Also Read: অসমত আন ভাষাৰ কোনো জনগোষ্ঠীয়ে নিৰপত্তাহীনতাত ভুগিব নালাগেঃ ড০ উপেন্দ্ৰজিৎ শৰ্মা

kaziranga national park Assam police crime forester