মনত আছেনে জুলিয়ান আছাঞ্জেক ? পেণ্ডোৰা বক্স আৰু হিণ্ডেণবাৰ্গৰ পূৰ্বে আহিছিল ৱিকিলিকছ্

মনত আছেনে জুলিয়ান আছাঞ্জেক ? পেণ্ডোৰা বক্স আৰু হিণ্ডেণবাৰ্গৰ পূৰ্বে আহিছিল ৱিকিলিকছ্

ডিজিটেল ডেস্ক : জুলিয়ান আছাঞ্জেক মনত আছেনে ? পেণ্ডোৰা বক্স আৰু হিণ্ডেনবাৰ্গৰ পূৰ্বে আমেৰিকা আৰু পূজিঁপতি সকলৰ ৰহস্য ফাদিল কৰি এক প্ৰকাৰ অকলেই সন্ত্ৰাসৰ সৃষ্টি কৰিছিল সমগ্ৰ বিশ্বতেই ।

বিশ্বশক্তি আৰু পূজিঁপতি সকল ভয়ত ত্ৰস্তমান আছিল ক'লা অধ্যায় ফাদিল হোৱাৰ আশংকাত । কোন মূহুৰ্ততকোন বিভাগৰ, কোন উদ্যোগৰ কি ৰহস্য ফাদিল হ'ব সেইয়া জানিবলৈ যিদৰে সমগ্ৰ বিশ্ব ৰৈ আছিল ঠিক সেইদৰেই বিশ্বশক্তি সমূহে তলে তলে জুলিয়ান আছাঞ্জেক শেষ কৰি পেলোৱাৰ সম্পূৰ্ণ পৰিকল্পনা আৰম্ভ কৰিছিল । কেৱল এজন হেকাৰেই ৱিকিলিকছ্ নামৰ ৱেবছাইটটোৰ জৰিয়তে সমগ্ৰ বিশ্বৰ সন্মুখত দাঙি ধৰিছিল আমৰিকা, ৰাছিয়া আৰু আন বহু দেশৰ দুৰ্নীতি, ভৱিষ্যত পৰিকল্পনা আৰু আন বহু নজনা কথা । মূহুৰ্ততে খলনায়ক হৈ পৰিছিল আমেৰিকা ।

২০০৬ চনত আৰম্ভ হৈছিল ৱিকিলিকছ্ । ছোমালিয়াৰ এগৰাকী সংগ্ৰামী নেতাই চৰকাৰী বিষয়াসকলৰ গুপ্তহত্যাৰ বাবে ভেৰোণীয়া আততায়ীক দ্বায়িত্ব দিয়াৰ তথ্য ফাদিল কৰি খলকনি তুলিছিল সমগ্ৰ বিশ্বতেই । তাৰ পাছত ২০১০ চনত আমেৰিকান চৰকাৰে কিউবাত লোকচক্ষুৰ আৰত এটি সেনা চাউনী গঢ়ি তোলাৰ কথা প্ৰকাশ কৰি হৈ পৰিছিল আমেৰিকাৰ ঘোৰ শত্ৰু । তাৰ পাছত আহিল বৃটিছ নেছনেলিষ্ট পাৰ্টীৰ ৰহস্য, এটি আন্তৰ্জাতিক বৈজ্ঞানিক গৱেষণাৰ ই-মেইলৰ আদান প্ৰদান ।

এই সকলোবোৰৰ জৰিয়তে বিশ্ববাসীৰ টোপনি হৰিছিল জুলিয়ান আছাঞ্জেই । এক কথাত আমেৰিকা, ব্ৰিটেইনৰ সকলোতকৈ ডাঙৰ শত্ৰু জুলিয়ান ।

২০১০ চনত আমেৰিকাৰ গোপন ৫ লাখ তথ্য ফাদিল কৰিছিল ৱিকিলিকছে । যি তথ্যই থৰকবৰক কৰি পেলাইছিল সেই সময়ৰ বাৰাক অ'বামাৰ চৰকাৰ । একেটা বৰ্ষৰে নৱেম্বৰ মাহত প্ৰায় ২.৫ লাখ তথ্য ফাদিল হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ কুটনীতিবিদ সকলৰ মাজৰ কথোপকথনৰ ই-মেইল । সেই সময় আমেৰিকাৰ বাবে আছিল দু:সহ ।

কেৱল এজন লোকৰ অভিযানেই যেন বিশ্বৰ সন্মুখত আঠু কঢ়াই নতশিৰ কৰি থ'ব আমেৰিকাক । তেনে এক পৰিস্থিতি । এই কথোপকথনত আছিল সেই সময়ৰ ইৰাণক ৰাজনৈতিকভাৱে অস্থিৰ কৰি তোলাৰ পৰিকল্পনা । কিয়নো খবৰ আহিছিল ইৰাণে আৰম্ভ কৰিছিল পাৰমাণৱিক শক্তিৰ সম্পৰীক্ষা ।

কিন্তু কেৱল এজন মানুহে কিমান দিনলৈ যুঁজিব বিশ্বশক্তি সমূহৰ বিৰুদ্ধে ! বিভিন্ন গোচৰত ২০১০ চনত গ্ৰেপ্তাৰ কৰা হ'ল জুলিয়ান আছাঞ্জেক । ইয়াৰ ভিতৰত আছিল যৌন আতিশয্যৰ গোচৰো । শক্তিশালী ৰাষ্ট্ৰসমূহৰ নগ্ন ৰূপ বিশ্বৰ সন্মুখত প্ৰদৰ্শন কৰাৰ উপযুক্ত পুৰস্কাৰ লাভ কৰিলে জুলিয়ানে । আটক কৰা হ'ল জুলিয়ানক, এটা দশকলৈ কাৰাগাৰৰ চাৰিবেৰৰ মাজত বান্ধি পেলোৱা হ'ল চেকেণ্ডৰ ভিতৰতে ইন্টাৰনেটৰ জৰিয়তে বিশ্ব পৰিভ্ৰমণ কৰা লোকজনক ।

সেই একেই সময়তেই অৱশ্যে ২০১১, চনত চিদনী পীছ ফাউণ্ডেছনৰ তৰফৰ পৰা অ‍াছাঞ্জেলৈ আগবঢ়োৱা হ'ল স্বৰ্ণ পদক যি ইয়াৰ পূৰ্বে কেৱল নেলছন মেণ্ডেলা আৰু দালাই লামাই হে লাভ কৰিছিল ।

এতিয়া খবৰ আহিছে আগন্তুক এটা-দুটা মাহৰ ভিতৰতেই কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিব জুলিয়ান আছাঞ্জেই । এই দাবী এবিচি গ্লোবেল এফেয়াৰ্ছৰ সম্পাদকৰ । এনে এক গুৰুতৰ ঘোষণা নিশ্চয়কৈ কোনো তথ্যৰ ওপৰত ভিত্তি কৰিয়েই কোৱা হৈছে । মুঠতে অতি শীঘ্ৰেই বিশ্ববাসীয়ে পুনৰ লাভ কৰিব জুলিয়ান আছাঞ্জেৰ খবৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in