প্ৰচণ্ড শীতত সমুদ্ৰৰ মাজতেই মৃত্যুক সাৱটিছে শৰণাৰ্থীয়ে

শৰণাৰ্থীসকলক উদ্ধাৰ কৰি থকা অৱস্থাত জল আৰক্ষী
শৰণাৰ্থীসকলক উদ্ধাৰ কৰি থকা অৱস্থাত জল আৰক্ষী

ডিজিটেল ডেস্ক : বিশ্বায়নৰ সৈতেই বিশ্বত অব্যাহত আছে শৰণাৰ্থীৰ সমস্যা । ইউৰোপৰ সৈতেই একেই সমস্যাত ভাৰাক্ৰান্ত আক্ৰিকাও । খৰাং, সন্ত্ৰাসবাদ, সোচনীয় স্বাস্থ্য ব্যৱস্থাৰ মাজতেই সঘনাই ইউৰোপলৈ শৰণাৰ্থীৰ ৰূপত আগমণ ঘটিছে আফ্ৰিকা মহাদেশৰ লোকসকলৰ । কিন্তু ইউৰোপত গা কৰি উঠা বৰ্ণ বৈষম্যৰ ফলত এওঁলোকে সমগ্ৰ জীৱন কটাব লাগিব এক অনিশ্চয়তাৰ মাজত ।

তাৰেই মাজতে আন এক দু:সহ খবৰে কপাই গ'ল সমগ্ৰ বিশ্বক । প্ৰচণ্ড শীতত মৃত্যুবৰণ কৰিলে গৰ্ভৱতী মহিলা সহ এটি শিশুৱে । এওঁলোক আছিল টিউনেছিয়াৰ পৰা মেণ্ডিটেৰিয়ান সাগৰ হৈ ইটালীত প্ৰৱেশ কৰিবলৈ ওলোৱা এটি শৰণাৰ্থী দলৰ সদস্য । যি সময়ত শীতে ইউৰোপক আৱৰি ধৰিছে, তেনে সময়তেই এক বিপদসংকুল নৌকাত ৫০ জনীয়া এটি দলে সাগৰৰ মাজেৰে যাত্ৰা কৰিছিল ইটালীলৈ ।

কিন্তু ইটালীৰ লাম্পেদুছা দ্বীপ পোৱাৰ পূৰ্বেই শীতৰ ফলত মৃত্যুক সাৱটি লয় মুঠ ৯ গৰাকী লোকে । টিউনেছিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ কিছু দিনৰ ভিতৰতেই পথভ্ৰষ্ট হৈ পৰে লোকসকল আৰু সমুদ্ৰৰ মাজতেই বিনা কোনো লক্ষ্যৰে ঘুৰ্মুটিয়াই ফুৰিছিল । যাৰ ফলতেই সমুদ্ৰৰ শীতে মৃত্যু কঢ়িয়াই আনে দুৰ্ভগীয়া শিশুটিসহ আন ৮ জন লোকলৈ ।

টিউনেছিয়াৰেই এখন মাছমৰীয়া নাৱে এই ঘটনা সদৰী কৰে আন্তৰ্জাতিক জল সীমান্তৰক্ষীৰ ওচৰত আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলাবলৈ অনুৰোধ কৰে । যদিও ইতিমধ্যেই পললম হৈ গৈছিল । উদ্ধাৰ অভিযানৰ সময়ত নাওখনত আছিল কেৱল মৃতদেহ ।

কাহানিবাই শেষ হৈ পৰিছিল মজুত ৰখা খাদ্য আৰু পানী । বিপদসংকুল বুলি জানিও কেৱল সমুদ্ৰৰ লুণীয়া পানীৰে জলতৃষ্ণা দূৰ কৰিছিল জীৱিত অৱস্থাত থকা শৰণাৰ্থী কেইজনে । যাৰ ফলত এতিয়া তেওঁলোকৰ শৰীৰত দেখা গৈছে বহু বেমাৰ ।

এই সমগ্ৰ কাৰ্যৰ বাবে এতিয়া বিশ্বই দোষাৰোপ কৰিছে ইউৰোপক । কিয়নো ইউৰোপৰ নতুন নীতি অনুসৰি সীমিত কৰা হৈছিল শৰণাৰ্থীৰ উদ্ধাৰ অভিযানৰ পদক্ষেপ । যাৰ ফলতেই এতিয়া মৃত্যুক সাৱটিছে এজনৰ পাছত আনজন শৰণাৰ্থীয়ে ।

এই সন্দৰ্ভত এক বেচৰকাৰী সংস্থা "এলাৰ্ম ফোন"ৰ ভাষ্য অনুসৰি, ইউৰোপে উদ্ধাৰ অভিযানৰ আৰ্থিক ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখি লৈছিল এই সিদ্ধান্ত, কিন্তু এটি নৱজাতক আৰু গৰ্ভৱতী মহিলা এগৰাকীৰ সৈতে ৯ গৰাকীকৈ লোকৰ জীৱনৰ মূল্য জানো ইউৰোপে বিশ্ববাসীক পৰিশোধ কৰিব পাৰিব ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in