পুটিনক প্ৰত্যাহ্বান জনাই যুদ্ধৰ মাজতে ইউক্ৰেইনত আমেৰিকাৰ ৰাষ্ট্ৰপতি...

পুটিনক প্ৰত্যাহ্বান জনাই যুদ্ধৰ মাজতে ইউক্ৰেইনত আমেৰিকাৰ ৰাষ্ট্ৰপতি...
পুটিনক প্ৰত্যাহ্বান জনাই যুদ্ধৰ মাজতে ইউক্ৰেইনত আমেৰিকাৰ ৰাষ্ট্ৰপতি...

ডিজিটেল ডেস্কঃ এতিয়াও শেষ হোৱা নাই যুদ্ধ। চলি আছে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ। হাৰ মনা নাই ভলোদিমিৰ জেলেনস্কিয়ে। ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত ইউক্ৰেইন আৰু দেশখনৰ ৰাজধানী চহৰ কিভ।

কিভৰ ধ্বংস্তূপৰ মাজত এতিয়াও সাহসেৰে বুকু ফিন্দাই আছে জেলেনস্কিয়ে। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই এটা বছৰ সম্পূৰ্ণ কৰাৰ দিশে। তাৰ মাজতেই বিশ্ববাসীক স্তম্ভিত কৰি যুদ্ধ বিধ্বস্ত কিভত গৈ উপস্থিত হ'ল আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন।

বাইডেনে কিভত জেলেনস্কিৰ সৈতে অংশ ল'লে গুৰুত্বপূৰ্ণ বৈঠকত। ইফালে গুলী, বাৰুদেৰে প্ৰতিনিয়ত আঘাত কৰি কৰি যেন ভাগৰি পৰিছে ৰাছিয়া। ভাগৰুৱা ৰাছিয়ান সেনাক জ' বাইডেনৰ এই ভ্ৰমণে আৰু অধিক হতছকিত কৰি তুলিলে।

কিভত উপস্থিত হৈ বাইডেনে ইউক্ৰেইনলৈ ৫০০ নিযুত ডলাৰৰ এক নতুন প্ৰতিৰক্ষা পেকেজ ঘোষণা কৰিলে। আমেৰিকাৰই নতুনকৈ ৰাষ্ট্ৰখনত যোগান ধৰিব অস্ত্ৰ।

মন কৰিবলগীয়া যে, জ' বাইডেনে এনে এক সময়ত ইউক্ৰেইন ভ্ৰমণ কৰিলে যি সময়ৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনক সহায় কৰা সকলো দেশকে ধ্বংস কৰাৰ হুংকাৰ দিছে। গতিকে জ' বাইডেনে এই ভ্ৰমণৰ জৰিয়তে যে পুটিনৰ হুংকাৰক এক প্ৰকাৰে বুঢ়া আঙুলি দেখুৱালে সেয়া নিশ্চিত।

বাইডেনে কিভৰ পৰাই বিশ্ববাসীক উদ্দেশ্য কৰি ৰাছিয়াক প্ৰত্যাহ্বান জনাই ক'লে, আমেৰিকাই ইউক্ৰেইনক সদায়েই সহায় কৰি যাব। উল্লেখ্য যে ২০২২ ৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত প্ৰথম আক্ৰমণ কৰিছিল।

গতিকে যুদ্ধৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ ঠিক আগে আগে কিভত গৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ উপস্থিতি আৰু তাৰ পৰাই সহায়ৰ ঘোষণাই এই যুদ্ধক যে আগন্তুক সময়ত এক নতুন গতি দিব সেয়া নিশ্চিত। নকলেও এই কথা সকলোৱে উপলব্ধি কৰিব পাৰিব যে, এই যুদ্ধই নতুন গতি লাভ কৰা মানেই বিশ্বত আন এক বিশ্বযুদ্ধৰ সূচনা হোৱা।

পুটিনক প্ৰত্যাহ্বান জনাই যুদ্ধৰ মাজতে ইউক্ৰেইনত আমেৰিকাৰ ৰাষ্ট্ৰপতি...
নিৰ্বাচনী সভাত অংশ ল'বলৈ যোৱাৰ সময়তে পথ দুৰ্ঘটনা, নিহত ৫ আহত বহুতো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in