নিৰ্বাচনী সভাত অংশ ল'বলৈ যোৱাৰ সময়তে পথ দুৰ্ঘটনা, নিহত ৫ আহত বহুতো...

অসম-মেঘালয় সীমান্তৰ খাৰকুটাৰ বলমেদাঙত ভয়ংকৰ পথ দুৰ্ঘটনা l এই পথ দুৰ্ঘটনাত থিতাতে নিহত ৪ গৰাকী মহিলা।
নিৰ্বাচনী সভাত অংশ ল'বলৈ যোৱাৰ সময়তে পথ দুৰ্ঘটনা, নিহত ৫ আহত বহুতো...

ডিজিটেল সংবাদ, দুধনৈ:  অসম-মেঘালয় সীমান্তৰ খাৰকুটাৰ বলমেদাঙত ভয়ংকৰ পথ দুৰ্ঘটনা l এই পথ দুৰ্ঘটনাত থিতাতে নিহত ৪ গৰাকী মহিলা।লগতে চিকিৎসালয়ত নিহত হয় আন  এগৰাকী মহিলা l

মুঠ নিহতৰ সংখ্যা ৫  জনলৈ বৃদ্ধি হোৱাৰ বিপৰীতে ২৫ গৰাকী লোক গুৰুতৰ ভাবে আহত হয় হোৱা জানিব পৰা গৈছে। আহত সকলক মেঘালয়ৰ খাৰকুটা,  ওৱাগাচি ,ডাইনাডুবি চিকৎসালয়ত ভৰ্তি কৰাৰ উপৰিও গোৱালপাৰা আৰু গুৱাহাটীৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে I

 মেঘালয় বিধান সভাৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা I জানিব পৰা মতে TMCৰ  এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিবলৈ মহেন্দ্ৰ পিকআপত উঠি আদকগিৰিলৈ গৈ আছিল লোক সকল l  

নিহত সকল - মেৰিনা চাংমা, চাবিনা মাৰাক, ককিলা মোমিন, টেছা চাংমা বুলি চিনাক্ত কৰাৰ বিপৰীতে চ্কিৎসালয়ত নিহত গৰাকীৰ পৰিচয় জানিব পৰা নাই  I নিহত সকল খাৰকুটা থানাৰ অন্তৰ্গত ৰংমাটচু গাঁৱৰ বুলি জানিব পৰা গৈছে l দুৰ্ঘটনা সংঘটিত হোৱা পিকআপ বাহন খনৰ পঞ্জীয়ন নম্বৰ - AS 01-AC 0507.

আৰু পঢ়ক: ৪৫% পুৰুষ আৰু ১৭% মহিলাৰ ক্ষেত্ৰত কৰ্কট ৰোগৰ প্ৰধান কাৰণ -ধঁপাত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in