জাপানৰ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত বিস্ফোৰণ, আটক এজনক...

জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাৰ ভাষণৰ সময়ত বিস্ফোৰণ ঘটিছে । ততাতৈয়াকৈ প্ৰধানমন্ত্ৰীগৰাকীক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হ’য় । শনিবাৰে ৱাকায়ামাৰ এটা প্ৰচাৰ সভাত অংশগ্ৰহণৰ সময়তে সংঘটিত হৈছে এনে ঘটনা ।
জাপানৰ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত বিস্ফোৰণ, আটক এজনক...

ডিজিটেল ডেস্কঃ জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাৰ ভাষণৰ সময়ত বিস্ফোৰণ ঘটিছে । ততাতৈয়াকৈ প্ৰধানমন্ত্ৰীগৰাকীক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হ’য় । শনিবাৰে ৱাকায়ামাৰ এটা প্ৰচাৰ সভাত অংশগ্ৰহণৰ সময়তে সংঘটিত হৈছে এনে ঘটনা । বিস্ফোৰণৰ সময়ত এটা শব্দ হ’য় । আৰু লগে লগেই ৱাকায়ামৰ আকাশ বতাহ ধোঁৱাই চানি ধৰে । মূহুৰ্ততে হৈ চৈৰ সৃষ্টি হয় ।

ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ কৰিছে স্থানীয় আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত আছে আৰক্ষী । বিস্ফোৰণৰ সময়ৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে । য’ত দেখিবলৈ পোৱা গৈছে সভাখনত বহু লোক উপস্থিত আছিল । আৰু বিস্ফোৰণৰ লগে লগেই সকলোৱে দৌৰিবলৈ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে ।

উল্লেখ্য যে ২০২২ চনৰ জুলাই মাহত নিৰ্বচনী এক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰবলৈ জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেকো দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিছিল ।

এনে ঘটনাৰ পিছতেই দেশখনৰ ৰাজনীতিবিদসকলৰ নিৰাপত্তা অধিক কটকটায়া কৰিছিল যদিও এবছৰ মাৰ নৌ যাওঁতেই বৰ্তমানৰ প্ৰধানমন্ত্ৰীৰ সভাত বিস্ফোৰণৰ খবৰে দেশখনৰ ৰাজনৈতিক মহলত তীব্ৰ হৈ চৈৰ সৃষ্টি কৰিছে । লগতে প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ বিষয়টোৰ প্ৰতিও প্ৰশ্ন উত্থাপিত হৈছে ।

জাপানৰ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত বিস্ফোৰণ, আটক এজনক...
আমাক ৩৫ খন আসন দিয়ক, আৰু বাহিৰ হ’ব মমতা-অমিত শ্বাহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in