আমাক ৩৫ খন আসন দিয়ক, আৰু বাহিৰ হ’ব মমতা-অমিত শ্বাহ

সন্মুখত ২০২৪ৰ লোকসভা নিৰ্বাচন । তলে তলে শাসক বিৰোধী প্ৰতিটো দলেই সাজু হৈছে অনাগত নিৰ্বাচকলৈ । সাজু হৈছে বিজেপিও । শুকুৰবাৰে পশ্চিম বংগত গৃহমন্ত্ৰী অমৃত শ্বাহে কৰা মন্তব্যই ইয়াৰে ইংগিত দিছে
অনাগত লোকসভা নিৰ্বাচন
অনাগত লোকসভা নিৰ্বাচন

ডিজিটেল ডেস্কঃ সন্মুখত ২০২৪ৰ লোকসভা নিৰ্বাচন । তলে তলে শাসক বিৰোধী প্ৰতিটো দলেই সাজু হৈছে অনাগত নিৰ্বাচকলৈ । সাজু হৈছে বিজেপিও । শুকুৰবাৰে পশ্চিম বংগত গৃহমন্ত্ৰী অমৃত শ্বাহে কৰা মন্তব্যই ইয়াৰে ইংগিত দিছে ।

ৰাজ্যখনৰ বীৰভূম জিলাৰ চুৰীত এক ৰেলীত গৃহমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰি মন্তব্য কৰিছে যে আমাক ৩৫ খন আসন দিয়ক আৰু বাহিৰ হ’ব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । যদিওবা বিজেপিয়ে নিৰ্বাচনক বৰ্তমানলৈকে ৰাজ্যখনত কোনোধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা নাই তথাপিও বিজেপিয়ে লোকসভা নিৰ্বাচনৰ আসনৰ টাৰ্গেট যে নিৰ্ধাৰণ কৰি ৰাখিছে সেয়া শ্বাহৰ মন্তব্যত স্পষ্ট প্ৰমাণ হৈছে ।

কিয়নো বংগত ৪২ খন সংসদীয় আসন আছে । আৰু গৃহমন্ত্ৰীগৰাকীয়ে বিচৰা আসন যদিহে লাভ কৰে তেনেহলে বিজেপিয়ে বংগৰ পৰা মমতা চৰকাৰক উফৰাবলৈ সক্ষম হ’ব বুলিও গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে । উল্লেখ্য যে ২০১৯ৰ নিৰ্বাচনত বিজেপিয়ে ৰাজ্যখনত ১৪ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ।

অনাগত লোকসভা নিৰ্বাচন
বেংতলত সন্ত্রাস চলোৱা ভালুকটোক ট্রেংকুলাইজ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in