ভূমিকম্প বিধ্বস্ত ছিৰিয়াত অব্যাহত আছে ইজৰাইলী সেনাৰ আক্ৰমণ

ভূমিকম্প বিধ্বস্ত ছিৰিয়াত অব্যাহত আছে ইজৰাইলী সেনাৰ আক্ৰমণ

ডিজিটেল ডেস্ক : এক বিধ্বংসী প্ৰাকৃতিক দুৰ্যোগেও গলাব পৰা নাই পাষাণৰ হৃদয় । শেহতীয়াকৈ ৭.৮ ৰিখটাৰ স্কেলৰ এক ভূমিকম্পই কপাই গৈছিল ছিৰিয়া আৰু তুৰস্কক । মৃতকৰ সংখ্যাই কাহানিবাই পাৰ কৰিলে ৩০ হেজাৰৰ সীমা । কিন্তু তাৰ পিছতো মানৱীয়তাৰ খাতিৰত পিছ পৰি থাকিল ছিৰিয়া । সকলো সাহায্য আগবঢ়োৱা হ'ল কেৱল তুৰস্কলৈ । আনহাতে ছিৰিয়াত চলিল আই এচ ‍আই এচৰ আক্ৰমণ । একে সময়তেই আক্ৰমণ চলালে ইজৰাইলী সেনাইও । ইজৰাইলী সেনাৰ মিছাইলে নিমিষতে হত্যা কৰিলে ১৫ জনকৈ লোকক ।

উল্লেখ্য যে, ২০১১ চনৰ পৰাই ছিৰিয়াত অব্যাহত আছে ইজৰাইলী সেনাৰ আক্ৰমণ । তেতিয়াৰে পৰা শতাধিক মিছাইলে হত্যা কৰিছে ছিৰিয়াৰ অগণন ৰাইজক । কিন্তু ক্ষান্ত হোৱা নাই ইজৰাইল । ক্ষান্ত হোৱা নাই আই এচ আই এচ । আনকি বিধ্বংসী ভূমিকম্পৰ পাছতো সময় নিদিলে দেশখনক পুনৰাই নিজৰ ভৰিত থিয় দিবলৈ । এয়াই বৰ্তমানৰ ৰাজনীতিৰ জিংঘাসা, য'ত নূন্যতম মানৱীয়তাৰ স্থানো নাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in