অন্তহীন বিবাদঃ তাৰ মাজতে ইজৰাইল-পেলেষ্টাইৰ যুদ্ধ, চাওক প্ৰকৃত কাৰণ...

অন্তহীন বিবাদঃ তাৰ মাজতে ইজৰাইল-পেলেষ্টাইৰ যুদ্ধ, চাওক প্ৰকৃত কাৰণ...
অন্তহীন বিবাদঃ তাৰ মাজতে ইজৰাইল-পেলেষ্টাইৰ যুদ্ধ, চাওক প্ৰকৃত কাৰণ...

ডিজিটেল ডেস্কঃ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত সৃষ্টি হোৱা যুদ্ধত হুৰাহুৰে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। এই মৃতকৰ মাজত আছে বহু শিশু, মহিলাও। শনিবাৰে হামাছে পুৱা একেলগে ৫ হাজাৰ ৰকেট নিক্ষেপ কৰি এই যুদ্ধ আৰম্ভ কৰিছিল।

এই আক্ৰমণৰ পাছতে ইজৰাইলে হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। উল্লেখ্য যে,ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ যুদ্ধ এয়াই প্ৰথম নহয়। দুয়ো দেশৰ মাজত বহু বছৰ ধৰি বিবাদ চলি আছে, যি বিবাবদৰ কোনো অন্ত নাই।

সংবাদ প্ৰতিষ্ঠানসমূহৰ খবৰ অনুসৰি শনিবাৰে পুৱা গাজা ষ্ট্ৰীপৰ পৰা ইজৰাইললৈ ৩০ মিনিত ধৰি ধাৰাবাহিকভাৱে ৰকেট নিক্ষেপ কৰা হৈছিল। ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইলে যুদ্ধ ঘোষণা কৰিলে।

ফলত দুয়োখন দেশৰ ভিতৰত যুদ্ধ তীব্ৰতৰ হৈ পৰিছে। চলিত বছৰৰ এপ্ৰিল মাহত ইজৰাইলে গাজা ষ্ট্ৰীপৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰিছিল। এই এয়াৰ ষ্ট্ৰাইকৰ লক্ষ্য হামাছৰ অস্ত্ৰ নিৰ্মাণ কেন্দ্ৰও হৈ পৰিছিল। ইজৰাইলৰ এই এয়াৰ ষ্ট্ৰাইকৰ প্ৰত্যুত্তৰ পেলেষ্টাইনেও মিছাইল নিক্ষেপ কৰি দিছিল।

গাজা ষ্ট্ৰীপ পেলষ্টাইনৰ এক ক্ষুদ্ৰ অঞ্চল। ইয়াত হামাছৰ শাসন চলে। এই গাজা ইষ্ট্ৰীপ ইজৰাইল আৰু ইজিপ্তৰ মাজৰ ভূমধ্যসাগৰীয় উপকূলত অৱস্থিত। পেলেষ্টাইন এখন আৰৱ আৰু সংখ্যাগৰিষ্ঠ মুছলমানৰ ৰাষ্ট্ৰ।

২.১ লাখৰ জনসংখ্যাৰ গাজা ষ্ট্ৰীপ বিশ্বৰ সবাটোকৈ বসতিপূৰ্ণ এক অঞ্চল বুলিও জনা যায়। ইয়াক মুঠ ৫ টা প্ৰশাসনিক অঞ্চলত বিভক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আছে উত্তৰ গাজা, গাজা চহৰ, দেইৰ আল-বালাহ, খান ইউনুছ আৰু ৰাফা।

হামাছে এই গাজা ষ্ট্ৰিপৰ পৰাই ইজৰাইল আক্ৰমণ কৰে। ইজৰাইলে এই হামাছক এটা সন্ত্ৰাসবাদী সংগঠন বুলি গণ্য কৰি আহিছে। সেয়ে ইজৰাইল সদায় হামাছ আৰু গাজা ষ্ট্ৰীপক লৈ আক্ৰমণাত্মক।

১৯ শতিকাত ইজৰাইলৰ সম্পূৰ্ণ ভূমি পেলেষ্টাইন নামেৰেই জনা গৈছিল। ইউৰোপত সিঁচৰতি হৈ থকা ইহুদিসকলে পেলেষ্টাইনলৈ প্ৰৱজন কৰিবলৈ আৰম্ভ কৰিছিল। লাহে লাহে পেলেষ্টাইনত ইহুদিৰ সংখ্যা বৃদ্ধি পাইছিল আৰু ইহুদীসকলে পেলেষ্টাইনতে ভূমি ক্ৰয় কৰিবলৈ আৰম্ভ কৰে।

এইদৰেই পেলেষ্টাইনত ইহুদীসকলৰ আধিপত্য বৃদ্ধি পাবলৈ আৰম্ভ কৰে আৰু সেই অঞ্চলৰ পেলেষ্টাইনীসকলক তাৰ পৰা বিতাড়িত কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ মাজতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাৰ হিটলাৰে গেছ চেম্বাৰত ইহুদী নিধন যজ্ঞ আৰম্ভ কৰে। এই গেছ চেম্বাৰত ৪.২ লাখ ইহুদী নিধন কৰা হৈছিল। এনে পৰিস্থিতিত ইহুদীসকল পেলেষ্টাইনৰ পৰা পলাবলৈ আৰম্ভ কৰে।

১৯৪৫ চনৰ ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ পাছতে ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন হয় পেলেষ্টাইনী আৰু ইহুদীসকলৰ প্ৰসংগ। ৰাষ্ট্ৰসংঘই সিদ্ধান্ত লয়, য’ত ইহুদীৰ সংখ্যা বেছি তেওঁলোকক ইজৰাইল দি দিয়া হওক আৰু বাকী যিখিনি অঞ্চল থাকে সেই অঞ্চল আৰৱীয় সংখ্যাগৰিষ্ঠা লোকৰ বসতি সেই অঞ্চল পেলেষ্টাইনক দি দিয়া হওক।

এইদৰেই এসময়ৰ পেলেষ্টাইনৰ ভূমিতে ১৯৪৮ ত ইজৰাইলৰ জন্ম হয়। ইয়াৰ পাছৰে পৰা দুয়ো দেশৰ বিবাদ আৰম্ভ হয়। 

দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত, সমগ্ৰ পেলেষ্টাইনক মুঠ তিনিটা ভাগত বিভক্ত কৰা হৈছিল। পেলেষ্টাইনে পশ্চিম তীৰ আৰু গাজা ষ্ট্ৰীপৰ অঞ্চল লাভ কৰিছিল। ২০০৫ চনৰ ছেপ্টেম্বৰ মাহত ইজৰাইলে গাজা ষ্ট্ৰীপৰ পৰা নিজৰ সৈন্য প্ৰত্যাহাৰ কৰে।

২০০৭ চনত ইজৰাইলে অঞ্চলটোৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰে। পেলেষ্টাইনে কৈ আহিছে পশ্চিম তীৰ আৰু গাজা ষ্ট্ৰিপত এখন স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ স্থাপন কৰা উচিত। গাজা অঞ্চলটোক পেলেষ্টাইনী উগ্ৰপন্থী গোট হামাছে নিয়ন্ত্ৰণ কৰি আহিছে। আনহাতে পশ্চিম তীৰ ইজৰাইলে দখল কৰিছে। ইজৰাইলেও যুদ্ধত জেৰুজালেম চহৰদখল কৰিছিল আৰু চহৰখনৰ পশ্চিম অংশলৈ বিস্তাৰিত হৈছিল। ইফালে পেলেষ্টাইনে জেৰুজালেমক ৰাজধানী কৰিব বিচাৰে, ইয়াৰ উপৰিও আৰৱীয় মুছলমান লোকসকলে জেৰুজালেমক এক পবিত্ৰ স্থান বুলি গণ্য কৰে।

কিয়নো ইয়াত আল-আকছা মছজিদ আছে। এই চহৰখনক আকৌ ইহুদীসকলেও পবিত্ৰ বুলিও গণ্য কৰে। যোৱা ২৫ বছৰ ধৰি এই বিষয়টোত শান্তি আলোচনা চলি আছে যদিও এতিয়ালৈকে কোনো সমাধান পোৱা হোৱা নাই। এইদৰেই ধাৰাবাহিক ভাৱে বিবাদৰ মাজতে যুদ্ধ পৰ্যন্ত অব্যাহত আছে।

অন্তহীন বিবাদঃ তাৰ মাজতে ইজৰাইল-পেলেষ্টাইৰ যুদ্ধ, চাওক প্ৰকৃত কাৰণ...
এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ মেচত এটা বলত আহিল ১৩ ৰাণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in