এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ মেচত এটা বলত আহিল ১৩ ৰাণ...

এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ মেচত এটা বলত আহিল ১৩ ৰাণ...
এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ মেচত এটা বলত আহিল ১৩ ৰাণ...

ডিজিটেল ডেস্কঃ ক্ৰিকেটত এটা বলত অতি বেছি কিমান ৰাণ হ’ব পাৰে? ছয় ! কিন্তু নিউজিলেণ্ডৰ মিচেল ছেণ্টনাৰে এটা বলত সংগ্ৰহ কৰিলে ১৩ ৰাণ। বহুতৰ বাবে হয়তো এয়া অসম্ভৱ যেন লগা কথা।

কিন্তু ক্ৰিকেটত সকলো সম্ভৱ। অসম্ভৱ বুলি কোনো কথা নাই। নেডাৰলেণ্ডৰ বিৰুদ্ধে সোমবাৰে খেলা মেচখনত অসম্ভৱ যেন লগা এই কাৰ্যই সম্ভৱ কৰি তুলিলে মিচেল ছেণ্টনাৰে। মেচখনৰ প্ৰথমতে বেটিং কৰা নিউজিলেণ্ড দলটোৰ হৈ অন্তিম অভাৰত এই কাৰ্য সংঘটিত কৰিলে তেওঁ।

মেচখনত নিউজিলেণ্ডৰ বিৰুদ্ধে নেডাৰলেণ্ডৰ হৈ শেষৰ অভাৰ কৰিছিল বাছ ডি লিডিয়ে। ইনিংছৰ অন্তিম অভাৰৰ অন্তিম বলত মিচেল ছেণ্টনাৰে এটা ছিক্স কোবাই। সেই অন্তিমটো ডেলিভাৰীক আম্পায়াৰে ন’বল ঘোষণা কৰে।

ফলত ফ্ৰী হিট লাভ কৰে। ফ্ৰী হিট পোৱা সেই বলটোও ফুলটছ হয়। সেই ফুলটছ বলত তেওঁ পুনৰ এটা ছিক্স কোবাই। এইদৰেই এটা বলত নিউজিলেণ্ডৰ স্ক’ৰত ১৩ ৰাণ সংযোগ হয়।

বাওঁহতীয়া ছেণ্টনাৰে মেচখনত ১৭ বলত ৩৬ ৰাণ কৰি অপৰাজিত থাকে। আনহাতে তেওঁ ১০ অভাৰ বল কৰি ৫৯ ৰাণ ব্যয় কৰি লাভ কৰে ৫ টাকৈ উইকেট। নিউজিলেণ্ডৰ প্ৰথম স্পীনাৰ হিচাপে বিশ্বকাপত ছেণ্টনাৰে ৫ টা উইকেট দখল কৰিলে।

মেচখনত প্ৰথমে বেটিং কৰি নিউজিলেণ্ড দলটোৱে ৩২২ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে লক্ষ্য অনুসৰণ কৰি নেডাৰলেণ্ডে ৪৬.৩ অভাৰত ২২৩ ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই।

মেচখনত নিউজিলেণ্ডৰ হৈ উইল য়ঙে ৭০ ৰাণ, ৰাচীন ৰবিন্দ্ৰই ৫১ ৰাণ, টম লাথামে ৫৩ ৰাণ কৰে। নেডাৰলেণ্ডৰ হৈ ক’লিনে সৰ্বাধিক ৬৯ ৰাণ সংগ্ৰহ কৰে।

এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ মেচত এটা বলত আহিল ১৩ ৰাণ...
এদিনীয়া বিশ্বকাপ ২০২৩: আজি ২খনকৈ হাই ভল্টেজ মেচ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in