হামাছেৰ নিৰ্লজ্জ কাণ্ড ! মহিলা শিল্পীক উলংগ কৰি ৰাজপথত সমদল

হামাছেৰ নিৰ্লজ্জ কাণ্ড ! মহিলা শিল্পীক উলংগ কৰি ৰাজপথত সমদল

author-image
Asomiya Pratidin
New Update
হামাছেৰ নিৰ্লজ্জ কাণ্ড ! মহিলা শিল্পীক উলংগ কৰি ৰাজপথত সমদল

ডিজিটেল ডেস্ক : জঘন্য,বৰ্বৰ,নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছে ইজৰাইলত। মহিলা শিল্পীক হত্যা কৰি উলংগ কৰা জঘন্য ঘটনাই লজ্জানত কৰিছে সভ্য সমাজক।

Advertisment

শনিবাৰে ইজৰাইলৰ এক সংগীতানুষ্ঠানত পেলেষ্টাইনৰ বিদ্ৰোহী সংগঠন হামাছে চলাইছিল আক্ৰমণ। এই আক্ৰমণত হতাহত হৈছিল ভালেসংখ্যক লোক।

সংগীতানুষ্ঠানত উপস্থিত থকা দৰ্শকৰ উপৰিও আন লোকো নিহত হৈছিল। বৰ্তমানেও দেশখনৰ পৰিস্থিতি স্বাভাৱিক নহয়।

জানিব পৰামতে বিদ্ৰোহী সংগঠনটোৰ একাংশ কেডাৰে জাৰ্মান মহিলা শিল্পী চানী লাউকক নৃশংসভাৱে হত্যা কৰে। ইয়াৰ পিছতে ধৃত কেডাৰে মহিলা শিল্পীগৰাকীক উলংগ কৰি ৰাজপথত সমদল কৰে। সংগঠনটোৰ এনে কাৰ্য্যই সমগ্ৰ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Also Read: উইলিয়ামচন বিহীন নিউজিলেণ্ডৰ আজি দ্বিতীয়খন মেচ

artist Israel