উইলিয়ামচন বিহীন নিউজিলেণ্ডৰ আজি দ্বিতীয়খন মেচ

কিৱি বাহিনীয়ে ডেভন কন'ৱেৰ উইকেট হেৰুৱায়। তেওঁ ৩২ ৰাণ কৰিয়ে পেভিলিয়নমুখী হয়

author-image
Asomiya Pratidin
New Update
উইলিয়ামচন বিহীন নিউজিলেণ্ডৰ আজি দ্বিতীয়খন মেচ

ডিজিটেল ডেস্ক : আই চি চি এদিনীয়া ক্ৰিকেট বিশ্বকাপ ২৩ৰ দ্বিতীয়খন মেচতো দেখিবলৈ পোৱা নগ'ল নিউজিলেণ্ডৰ নিয়মীয়া অধিনায়ক কেম উইলিয়ামছনক। সেয়ে সোমবাৰে নেদাৰলেণ্ডৰে হোৱা মেচখনত দলক নেতৃত্ব দিয়ে টম লাথামে।

Advertisment

আজিৰ এই মেচখনত টছত জয়ী হৈ নেদাৰলেণ্ডে বলিং কৰাৰ সিদ্ধান্ত লয় আৰু নিউজিলেণ্ডক বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। বাতৰি লিখা পৰলৈকে নিউজিলেণ্ডে ২০ অ'ভাৰত ১০২ ৰাণত বেট ধৰি আছে।

অৱশ্যে কিৱি বাহিনীয়ে ডেভন কন'ৱেৰ উইকেট হেৰুৱায়। তেওঁ ৩২ ৰাণ কৰিয়ে পেভিলিয়নমুখী হয়। ইফালে ক্ৰিজত আছে ৰাচীন ৰবীন্দ্ৰ আৰু উইল ইয়ং। উইল ইয়ঙে অৰ্ধশতক অৰ্জন কৰে।

উল্লেখ্য যে, বিশ্বকাপৰ উদ্বোধনী মেচখন অনুষ্ঠিত হৈছিল ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত। এই মেচখনত ৰাচীন ৰবীন্দ্ৰ আৰু ডেভন কন'ৱেৰ দৰ্শনীয় ইনিংছৰ বাবে কিৱি বাহিনীয়ে ইংলেণ্ডৰ বিপক্ষে জয়লাভ কৰিছিল।

Also Read: মেৰাপানীত ৫খনকৈ জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন

cricket ICC world cup