ইৰাণত অব্যাহত আছে মৰেল পুলিছিং, হিজাব নিপিন্ধাৰ বাবে গ্ৰেপ্তাৰ দুগৰাকী মহিলাক

ইৰাণত অব্যাহত আছে মৰেল পুলিছিং, হিজাব নিপিন্ধাৰ বাবে গ্ৰেপ্তাৰ দুগৰাকী মহিলাক

ডিজিটেল ডেস্ক : যি সময়ত চন্দ্ৰলৈ প্ৰথমবাৰৰ বাবে কোনো মহিলা মহাকাশচাৰী যাবলৈ ওলাইছে, একে সময়তেই বিশ্বৰ আন এক প্ৰান্তত ধৰ্মীয় সংৰক্ষণশীলতাই কোঙা কৰি আনিছে সমাজক । ২০২২ বৰ্ষৰ ১৬ ছেপ্টেম্বৰত ইৰাণৰ এগৰাকী ২২ বছৰীয়া যুৱতী মৰেল পুলিছিঙৰ বলি হৈয়ে মৃত্যুক সাৱটি লৈছিল কেৱল ৰাজহুৱা স্থানত হিজাব পৰিধাণ নকৰাৰ বাবে ।

তাৰ পাছতেই সমগ্ৰ দেশত পৰিলক্ষিত হৈছিল প্ৰতিবাদৰ জোৱাৰ । বস্ত্ৰ হৈছে সম্পূৰ্ণ ৰূপে ব্যক্তিগত সিদ্ধান্ত । শ্লীলতা-অশ্লীলতাৰ সংজ্ঞা সকলোৰে বাবে পৃথক সময় আৰু স্থান সাপেক্ষে । তেনেস্থলত কোনো ব্যক্তিকেই হিজাব পৰিধান কৰা সন্দৰ্ভত দাবী কৰিব নোৱাৰে কোনেও । অৱশ্যে কেৱল হিজাব বুলিয়েই নহয়, আন বস্ত্ৰ পৰিধানৰ ক্ষেত্ৰতো একেই কথা আহি পৰে ।

কিন্তু ইৰাণৰ এই সমস্যাৰ যেন অন্ত নপৰিবই । মাহছা আমিনিৰ পাছত জ্বলি উঠিছিল সমগ্ৰ ইৰাণ । ৰাজপথলৈ ওলাই আহিছিল সহস্ৰাধিক নাৰী-যুৱতী । কিয় কোনোৱে ধৰ্মীয় সংৰক্ষণশীলতাৰ আধাৰত কোনো পোছাকৰ বাবে হেঁচা প্ৰদান কৰিব পাৰে কাৰোবাক এই প্ৰশ্নই তোলপাৰ লগাইছিল সমগ্ৰ দেশত ।

তাৰ পাছত পুনৰ একেই ঘটনাৰ পুনৰাবৃত্তি ঘটিল বিগত সপ্তাহত । বোৰ্খা নিপিন্ধাৰ বাবেই দুগৰাকী মহিলাক শাৰীৰিকভাৱে অপদস্থ কৰিলে এগৰাকী পুৰুষে আনহাতে, পৰৱৰ্তী সময়ত আৰক্ষীয়েও গ্ৰেপ্তাৰ কৰে মহিলা দুগৰাকীকে । এতিয়া প্ৰশ্ন হয়, এই সংৰক্ষণশীলতা কিমান দিনলৈ অব্যাহত থাকিব ? ইয়াৰ কোনো প্ৰয়োজনীয়তা আছেনে ?

ইৰাণত অব্যাহত আছে মৰেল পুলিছিং, হিজাব নিপিন্ধাৰ বাবে গ্ৰেপ্তাৰ দুগৰাকী মহিলাক
প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে বিজেপি সভাপতিক মাজনিশা চোচৰাই নিলে আৰক্ষীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in