হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছীৰ

হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছীৰ

ডিজিটেল ডেস্ক : হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছীসহ বৈদেশিক মন্ত্ৰী আমিৰাবাডুল্লাহিয়ানৰ। উদ্ধাৰ অভিযানৰ অন্তত সোমবাৰে এক সূত্ৰত ৰাষ্ট্ৰপতিসহ হেলিকপ্টাৰখনত থকা তেঁওৰ সংগীসকলৰ মৃত্যুৰ কথা প্ৰকাশ পায়।

জানিব পৰা অনুসৰি দুৰ্ঘটনাস্থলীত উদ্ধাৰকাৰী দলে অভিযান চলাই হেলিকপ্টাৰ আৰু ৰাষ্ট্ৰপতি তথা বৈদেশিক মন্ত্ৰীগৰাকীৰ কোনো শুংসূত্ৰ লাভ কৰা নাছিল।

উল্লেখ কৰা প্ৰয়োজন যে দেওবাৰে ইৰানৰ পূব আজাৰবাইনত সংঘটিত হৈছিল হেলিকপ্টাৰ দুৰ্ঘনা। হেলিকপ্টাৰখনত থকা ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছী আৰু বৈদেশিক মন্ত্ৰী আমিৰাবাডুল্লাহিয়ানই এক চৰকাৰী কাৰ্যসূচী সম্পন্ন কৰি অহাৰ পাছতে ভয়াৱহ দুৰ্ঘটনাত পতিত হৈছিল।

দুৰ্ঘটনাৰ পাছতে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰশাসনৰ সহযোগেত উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ ক্ষীপ্ৰ অভিযান চলাইছিল। কিন্তু দুৰ্ভাগ্যৱশতঃ ৰাষ্ট্ৰপতিসহ দুৰ্ঘটনাত পতিত লোকসকলৰ কোনো শুংসূত্ৰ লাভ কৰা নাছিল উদ্ধাৰকাৰী দলে।

দেওবাৰে ট্ৰানবিজ চহৰৰ পাৰ্বত্য এলেকেত দুৰ্ঘটনাত পতিত হৈছিল হেলিকপ্টাৰখন। অৱশ্যে ৰাষ্ট্ৰপতিগৰাকী থকা হেলিকপ্টাৰখনৰ সৈতে একেলগে যাত্ৰা কৰা আন দুখন হেলিকপ্টাৰ নিৰাপদে অৱতৰণ কৰা বুলি এক সূত্ৰত প্ৰকাশ।

হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছীৰ
ধেমাজিত অসম সাহিত্য সভাৰ প্ৰথম ৰাজ্যিক হাস্য-ব্যংগ সাহিত্য সন্মিলনৰ সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in