ধেমাজিত অসম সাহিত্য সভাৰ প্ৰথম ৰাজ্যিক হাস্য-ব্যংগ সাহিত্য সন্মিলনৰ সামৰণি

১০ খন গ্ৰন্থ উন্মোচন, বিমল ৰাজখোৱাক বিশেষ বঁটা প্ৰদান
ধেমাজিত অসম সাহিত্য সভাৰ প্ৰথম ৰাজ্যিক হাস্য-ব্যংগ সাহিত্য সন্মিলনৰ সামৰণি

ডিজিটেল সংবাদ,ধেমাজি : ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অসম সাহিত্য সভাৰ প্ৰথম ৰাজ্যিক হাস্যব্যংগৰ সাহিত্য সন্মিলনৰ দেওবাৰে সামৰণি পৰে ৷ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে অনুষ্ঠিত হাস্যব্যংগৰ ৰাজ্যিক সাহিত্য সন্মিলনৰ দেওবাৰে শেষদিনা পুৱা ১১-০০ বজাত বিশিষ্ট হাস্য-ব্যঙ্গ লেখক, সাহিত্যিক আৰু নিমন্ত্রিত লোক শিল্পীৰ হাস্য-ব্যঙ্গ অনুষ্ঠানৰ উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক কৰৱী দেউৰীয়ে ৷

অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যনির্বাহক সদস্য প্রশান্ত ভাগৱতীয়ে তত্বাৱধান কৰা উদ্ধোধনী অনুষ্ঠানটিৰ সহযোগ কৰে ড° অচ্যুৎ গগৈয়ে ৷ বিয়লি ১-৩০ বজাত মুকলি সভা, গ্রন্থ উন্মোচন আৰু আৰু সম্বর্ধনা অনুষ্ঠান আৰম্ভ হয় ।

অসম সাহিত্য সভাৰ সভাপতি ড° সূর্য্যকান্ত হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাত আদৰণী ভাষণ প্রদান কৰে আদৰণী সমিতিৰ সভাপতি বিনীতা চৌধুৰী গাৰোডিয়াই ৷ মুকলি সভাত অসম সাহিত্য সভাৰ উপসভাপতি গিৰীশ সন্দিকৈয়ে বিশিষ্ট অতিথি হিচাপে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা-গবেষক সাহিত্যিক ড° অর্পনা কোঁৱৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি হাস্যব্যংগ সাহিত্যৰ সন্দৰ্ভত গুৰুত্বপুৰ্ন ভাষণ প্ৰদান কৰে ৷

সভাত আমন্ত্রিত কৌতুক অভিনেত্রীদ্বয় কবিতা দুৱৰা বড়া, মিনু ৰাভাৰ কৌতুক প্ৰদৰ্শন কৰি ৰাইজক আমোদ দিয়ে ৷ সভাত হাস্যব্যংগ স্মাৰক গ্রন্থ হাস্যোদ্দীপক উন্মোচন কৰে ধেমাজি ৰত্ন তথা বিশিষ্ট সাহিত্যিক উমেশ চেতিয়াই ৷

সভাত ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট শিক্ষাবিদ বিনীতা চৌধুৰী গাৰোডিয়াৰ ঋতু আহে লয়লাসে, গকুল চুতীয়াৰ কচুগুটিৰ মেল, দেৱ দাসৰ ফপৰা শিয়াল, ব্যংগ সাহিত্যিক বিমল ৰাজখোৱাৰ টোকা পৰুৱা শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়। একেদৰে গোৱাল চাপৰি শাখা সাহিত্য সভাৰ সম্পাদক গকুল চুতীয়াৰ স্বপ্নবিভোৰ জোনাক, পশ্চিম ধেমাজি শাখা সাহিত্য সভাৰ সম্পাদক ড° অচ্যুৎ গগৈৰ সোনোৱালী ছৈ, সাহিত্যিক নগেন্দ্ৰ নাৰায়ণ শাস্ত্ৰীৰ কলিৰ কীৰ্ত্তন, নগেন গগৈৰ অগস্তি যাত্ৰা, টংকেশ্বৰ ভৰাঁলীৰ ফটা কেঠাৰ সোন, পুষ্পা চুতীয়া আৰু বীনা সন্দিকৈৰ গল্প শিল্প শীৰ্ষক ১০ খন গ্ৰন্থ বিশিষ্ট ব্যক্তিসকলে উন্মোচন কৰে ৷

সভাত ৰাজ্যৰ এগৰাকী বিশিষ্ট ব্যংগ সাহিত্যিক তথা ভাকুটকুটৰ সম্পাদক বিমল ৰাজখোৱাক অসম সাহিত্য সভাৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনায় ৷ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিত শৰ্মাই আঁত ধৰা মুকলি সভাত লখিমপুৰ জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তা লক্ষীকান্ত কুম্বাং, বিশিষ্ট লোক শিল্পী প্রভাত চন্দ্র হালৈ, বিশিষ্ট লোক শিল্পী তথা ওজাপালি সোনাৰাম বৈশ্য, অসম সাহিত্য সভাৰ পৰম সুহৃদ হিতৈষী সভ্য মুহি বৰগোহাঁই, আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷

সভাত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ কুমাৰ গগৈ, উপসভাপতি ৰনজিত চিৰিং, সম্পাদক প্ৰেমানন্দ তালুকদাৰ, অসম সাহিত্য সভাৰ জনগোষ্ঠীয় আহ্বায়ক ড° বিপিন চন্দ্ৰ কলিতা, লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বিপুল শৰ্মা বৰুৱা উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

ইয়াৰোপৰি লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি উমানন্দ বৰুৱা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰশান্ত ভাগৱতী, অপুৰ্ব দাস, হেমন্ত কলিতা, চম্পক গগৈ, দিপক ভৰালী, নামেশ্বৰ কাৰ্দং, তিনিচুকীয়া জিলাৰ প্ৰতিনিধি অৰুনিমা সন্দিকৈ, নাট্য সন্মিলৰ আহ্বায়ক দিলিপ কুমাৰ শৰ্মা, কুঁহি উপসমিতিৰ আহ্বায়ক শংকসিদ্বু নাথ, কাৰ্যকৰী সভাপতি উষা বৰগোহাঁই অনুষ্ঠানত উপস্থিত থাকে।

লগতে বিশিষ্ট সাহিত্যিক বগেন গগৈ, ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তিলেন গগৈ, নন্দেশ্ৱৰ বৰগোহাঁই, পদ্মেশ্বৰ দিহিঙীয়া, শ্ৰীপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উত্তম গগৈ উক্ত অনুষ্ঠানত অংশ লয়। আনহাতে বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সুনিল কোঁচ, বিশিষ্ট সমাজকৰ্মী নিৰমা বৰুৱা, ৰিনী তামুলী, যুৱ লেখিকা ঝৰ্ণা বুঢ়াগোহাঁই, জানমণী সজাতী, কৃষ্ণা দিহিঙীয়া দাস, পল্লৱী তামুলী, ধেমাজি জাতীয় বিদ্যালয়ৰ অধ্যক্ষা দিব্য গগৈ, ৰূপালী ফুকন শইকীয়া আদিও উপস্থিত থাকে ৷

ধেমাজিত অসম সাহিত্য সভাৰ প্ৰথম ৰাজ্যিক হাস্য-ব্যংগ সাহিত্য সন্মিলনৰ সামৰণি
অসম আৰক্ষীৰ জোৱান পৰাগজ্যোতি ডেকাৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in