গাজাৰ 'গণহত্যা' বন্ধ নকৰিলে সুদূৰপ্ৰসাৰী পৰিণামৰ বাবে সাজু থাককঃ ইজৰাইলক হুংকাৰ ইৰাণৰ...

গাজাৰ 'গণহত্যা' বন্ধ নকৰিলে সুদূৰপ্ৰসাৰী পৰিণামৰ বাবে সাজু থাককঃ ইজৰাইলক হুংকাৰ ইৰাণৰ...
গাজাৰ 'গণহত্যা' বন্ধ নকৰিলে সুদূৰপ্ৰসাৰী পৰিণামৰ বাবে সাজু থাককঃ ইজৰাইলক হুংকাৰ ইৰাণৰ...

ডিজিটেল ডেস্কঃ ইজৰাইল আৰু হামাছৰ যুদ্ধ আৰু গাজা ষ্ট্ৰিপৰ মাজতেই সীমাবদ্ধ নাথাকিব নেকি? এই যুদ্ধক কেন্দ্ৰ কৰিয়েই পুনৰ বিশ্বত সূচনা হ'ব নেকি আন এখন মহাযুদ্ধ? সেই আশংকাই গঢ়লৈ উঠিছে ইৰাণৰ হুংকাৰত।

শেহতীয়াকৈ ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ মাজতে ইৰাণে ইজৰাইলক গাজাত আক্ৰমণ বন্ধ কৰিবলৈ ধমক দিছে। ইয়াৰ পূৰ্বে তেহৰানৰ ফালৰ পৰা কোৱা হৈছিল গাজাৰ ওপৰত ইজৰাইলৰ পদক্ষেপৰ ওপৰতেই নিৰ্ভৰ কৰিছে যুদ্ধৰ জুই আন ঠাইলৈ সম্প্ৰসৰিত হ'বনে নাই।

কিন্তু এইবাৰ ইৰাণে স্পষ্টকৈ হুংকাৰ দিছে। ইৰাণে হুংকাৰ দি কয়, গাজাত ইজৰাইলে কৰা 'গণহত্যা' বন্ধ নকৰিলে সুদূৰপ্ৰসাৰী পৰিণামৰ বাবে সাজু থাকিব লাগিব। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে।

ইৰাণৰ ৰাষ্ট্ৰসংঘৰ মিচনৰ এক্স হেণ্ডেলত লিখা হৈছে, যদি ইজৰাইলৰ বিচ্ছিন্নতাবাদী যুদ্ধ অপৰাধ আৰু গণহত্যা তৎক্ষণাৎ বন্ধ কৰা নহয়, তেন্তে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে। আৰু ইয়াৰ পৰিণাম সুদূৰপ্ৰসাৰী হ'ব পাৰে।

ইৰাণৰ এনে সতৰ্কবাণীয়ে পৰিস্থিতি আৰু অধিক জটিল কৰি তুলিব বুলি ধাৰণা কৰা হৈছে। ছিয়াপন্থী ইৰাণৰ বিৰুদ্ধে হামাছক সহায় কৰাৰো অভিযোগ উত্থাপিত হৈ আহিছে। অৱশ্যে ইৰাণে এই অভিযোগ খণ্ডন কৰিছে। ইৰাণে সদায় পেলেষ্টাইনৰ সমৰ্থনক সোচ্চাৰ হৈ আহিছে।

ইপালে ছৌদি আৰৱেও ইৰাণৰ সুৰতেই সুৰ মিলাইছে। ইজৰাইলক পেলেষ্টাইনৰ বিৰুদ্ধে যুদ্ধ বন্ধ কৰিবলৈ দাবী কৰিছে। এনে পৰিস্থিতিক ইজৰাইলে যদি পূৰ্বে কোৱাৰ দৰেই গাজাক সম্পূৰ্ণৰূপে ধ্বংস কৰিহে এৰে তেন্তে এই যুদ্ধই যে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব সেয়া নিশ্চিত।

গাজাৰ 'গণহত্যা' বন্ধ নকৰিলে সুদূৰপ্ৰসাৰী পৰিণামৰ বাবে সাজু থাককঃ ইজৰাইলক হুংকাৰ ইৰাণৰ...
'অপাৰেচন অজেয়'- ইজৰাইলৰ পৰা স্বদেশলৈ আহিল পুনৰ দুখন বিমান...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in