'অপাৰেচন অজেয়'- ইজৰাইলৰ পৰা স্বদেশলৈ আহিল পুনৰ দুখন বিমান...

'অপাৰেচন অজেয়'- ইজৰাইলৰ পৰা স্বদেশলৈ আহিল পুনৰ দুখন বিমান...
'অপাৰেচন অজেয়'- ইজৰাইলৰ পৰা স্বদেশলৈ আহিল পুনৰ দুখন বিমান...

ডিজিটেল ডেস্কঃ ইজৰাইলত আৱদ্ধ হৈ থকা ভাৰতীয়ক উদ্ধাৰৰ বাবে যোৱা এখনৰ পাছত আন এখন বিমান ভাৰতলৈ ঘূৰি আহিছে। কেন্দ্ৰীয় চৰকাৰৰ 'অপাৰেচন অজয়'ৰ জৰিয়তে যুদ্ধ বিধ্বস্ত ইজৰাইলৰ পৰা প্ৰৱাসী ভাৰতীয়সকলক উদ্ধাৰ কৰা হৈছে।

দেওবাৰে নিশা 'আপাৰেচন অজয়'ৰ তৃতীয়খন বিমান নতুন দিল্লীত আহি উপস্থিত হয়। এই বিমানখনে ইজৰাইলৰ পৰা ১৯৭ গৰাকী ভাৰতীয়ক কঢ়িয়াই আনিছে।

ইয়াৰ কেইটামান ঘণ্টাৰ পাছতে টঅপাৰেচন অজয়টৰ চতুৰ্থখন বিমান আহি ভাৰতত উপস্থিত হয়। বিমানখনত আহে ২৭৪ গৰাকী ভাৰতীয়। এই প্ৰৱাসী ভাৰতীয়সকলে তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।

ইজৰাইলৰ পৰা টঅপাৰেচন অজয়টৰ চতুৰ্থখন বিমান শনিবাৰে স্থানীয় সময় ১১-৪৫ বজাত নাগাদ তেল আভিভৰ পৰা দিল্লী অভিমুখে উৰা মাৰিছিল। কেৱল দেওবাৰৰ দিনটোতে এই পৰ্যন্ত ৪৭১ গৰাকী ভাৰতীয়ই ইজৰাইলৰ পৰা আহি স্বদেশত ভৰি থৈছেহি।

এই পৰ্যন্ত ইজৰাইলৰ পৰা ভাৰত চৰকাৰৰ উদ্যোগত মুঠ ৯১৮ গৰাকী ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। উল্লেখ্য যে, 'অপাৰেচন অজয়'ৰ প্ৰথমখন বিমানে বৃহস্পতিবাৰে ২১২ জন ভাৰতীয়ক লৈ স্বদেশলৈ ঘূৰি আহিছিল। দ্বিতীয়খন বিমান শুকুৰবাৰে গভীৰ নিশা ইজৰাইলৰ পৰা ভাৰতলৈ ২৩৫ গৰাকী প্ৰৱাসী ভাৰতীয়ক লৈ উৰা মাৰিছিল।

যোৱা ৭ অক্টোবৰত পেলেষ্টাইনৰ বিদ্ৰোহী হামাছে ইজৰাইল আক্ৰমণ কৰাৰ পাছতে দুয়োখন দেশৰ মাজত যুদ্ধৰ সূচনা হৈছে। ফলত ইজৰাইলত প্ৰৱাসী ভাৰতীয়ৰ জীৱন বিপদাপন্ন হৈ পৰে।

গোলাবৰ্ষণ, ক্ষেপণাস্ত্ৰ আৰু বোমাৰ আঘাতে জৰ্জৰিত হৈ উঠিছে দক্ষিণ ইজৰাইল। এই অঞ্চলৰ লোকসকলে বাংকাৰত আশ্ৰয় লৈছে। খাদ্য, পানী, বিদ্যুৎ সেৱা সকলো ব্যাহত হৈ পৰিছে।

হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি, হামাছক সম্পূৰ্ণৰূপে শেষ কৰিব বুলি হুংকাৰ দিছে ইজৰাইলে। ইজৰাইলৰ সমৰ্থনত থিয় দিছে আমেৰিকাসহ পশ্চিমীয়া দেশবোৰে। ভাৰত চৰকাৰেও ইজৰাইলৰ প্ৰতি সমৰ্থন জনাইছে।

যুদ্ধ আৰম্ভ হোৱাৰ পাছতেই ভাৰত চৰকাৰে 'অপাৰেচন অজয়'ৰ কথা ঘোষণা কৰিছিল। এই প্ৰকল্পৰ মাধ্যমেৰে যুদ্ধবিধ্বস্ত ইজৰাইলত আৱদ্ধ হৈ থকা ভাৰতীয়ক যিমান পাৰি দ্ৰুত গতিৰে ভাৰতলৈ ঘূৰাই অনাৰ বাবে চেষ্টা কৰিছে চৰকাৰে।

দেওবাৰে দিল্লীৰ বিমানবন্দৰত উদ্ধাৰকাৰীৰ তৃতীয়খন বিমান অৱতৰণ কৰাৰ পাছতে বিমানখনত অহা যাত্ৰীসকলক স্বাগতম জনায় কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰে। বিমানৰ পৰা প্ৰৱাসী ভাৰতীয়সকল নমাৰ পাছতে তেওঁলোকৰ হাতত একোখনকৈ ভাৰতীয় জাতীয় পতাকা তুলি দিয়া হৈছে। দেশলৈ ঘূৰি আহি স্বস্তিৰ নিশ্বাস এৰিছে এইসকল প্ৰৱাসী ভাৰতীয়ই।

'অপাৰেচন অজেয়'- ইজৰাইলৰ পৰা স্বদেশলৈ আহিল পুনৰ দুখন বিমান...
ৰোহিত শৰ্মাৰ হাতত পতন পাকিস্তানৰ পেছ আক্ৰমণৰ দম্ভঃ বিশ্বকাপত ভাৰত অপ্ৰতিৰোধ্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in