/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/be586821-8215-4977-a378-2b47f53ddbae/israil_07.jpg)
ডিজিটেল ডেস্কঃ পুনৰ চৰ্চাত ইৰান আৰু ইজৰাইলৰ সংঘৰ্ষ। ইৰানক প্ৰত্যুত্তৰ দিয়া উদ্দেশ্যে মিছাইল আক্ৰমণ কৰে ইজৰাইলে। ইৰানৰ নেতা আয়াতুল্লাহ খামেনিৰ জন্মদিনৰ দিনা ইৰানৰ ওপৰত মিছাইলেৰে আক্ৰমণ কৰে ইজৰাইলে। অন্যহাতে ইৰানৰ বিৰুদ্ধে ইজৰাইলে প্ৰতিশোধমূলক আক্ৰমণ কৰা পাছতে শুকুৰবাৰে বিশ্বৰ প্ৰায়ভাগ শ্বেয়াৰ বজাৰ নিম্নগামী হোৱা পৰিলক্ষিত হয়। ইয়াৰ সমান্তৰালকৈ তেলৰ দামো বৃদ্ধি পায়।
প্ৰাপ্ত তথ্য অনুসৰি,ইৰানৰ এটা পাৰমাণৱিক অংশক ক্ষেপণাস্ত্ৰৰে লক্ষ্য কৰি লৈছে ইজৰাইলে। মধ্য ইছফাহানৰ মূল পাৰমাণৱিক কেন্দ্ৰৰ সমীপত ৩ টাকৈ বিস্ফোৰণৰ শব্দ শুনা গৈছে। উল্লেখ কৰাটো প্ৰয়োজনীয়া যে ইৰানৰ বহু পাৰমাণৱিক সুবিধা ইছফাহান প্ৰদেশত অৱস্থিত।
আনহাতে মিছাইল আক্ৰমণ সন্দৰ্ভত ইৰানে এয়া মিছাইল নহয় ড্ৰোণ আক্ৰমণ আছিল বুলি উল্লেখ কৰে। তথ্য অনুসৰি তেহৰাণ,ইছফাহান আৰু চিৰাজলৈ বিমান চলাচল বৰ্তমান স্থগিত ৰখা হৈছে । ইৰাণ আৰু ইজৰাইলৰ সংঘাতে ইতিমধ্যে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
Also Read: গান্ধীনগৰত অমিত শ্বাহৰ মনোনয়ন পত্ৰ দাখিল...