গান্ধীনগৰত অমিত শ্বাহৰ মনোনয়ন পত্ৰ দাখিল...

শ্বাহক সংগ দিয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পটেলে
গান্ধীনগৰত অমিত শ্বাহৰ মনোনয়ন পত্ৰ দাখিল...
গান্ধীনগৰত অমিত শ্বাহৰ মনোনয়ন পত্ৰ দাখিল...

ডিজিটেল ডেস্কঃ শুকুৰবাৰে গান্ধীনগৰ লোকসভা সমষ্টিৰ বাবে দিনৰ ১২.৩৯ মিনিটত মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। তেওঁক সংগ দিয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পটেলে।

লোকসভা নিৰ্বাচনৰ বিজেপি ৰ প্ৰাৰ্থী অমিত শ্বাহে গান্ধীনগৰৰ আয়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়াক মনোনয়ন পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে, ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত গান্ধীনগৰ সমষ্টিৰ পৰা ৫ লাখৰো অধিক ভোটৰ ব্যৱধানত জয় লাভ কৰিছিল গৃহমন্ত্ৰী শ্বাহে। গুজৰাটৰ ২৬ খন লোকসভাৰ আটাইকেইখন আসনৰ বাবে তৃতীয় পৰ্যায়ত অহা ৭ মে’ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

গান্ধীনগৰত অমিত শ্বাহৰ মনোনয়ন পত্ৰ দাখিল...
অসমৰ ২ জনৰ সৈতে মুঠ ৬ বিশেষ প্ৰাৰ্থিৰ ওপৰত দেশবাসীৰ দৃষ্টি নিবদ্ধ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in