পাকিস্তানত ইৰানৰ এয়াৰষ্ট্ৰাইকঃ প্ৰতিশোধৰ হুংকাৰ...

পাকিস্তানত ইৰানৰ এয়াৰষ্ট্ৰাইকঃ প্ৰতিশোধৰ হুংকাৰ...
পাকিস্তানত ইৰানৰ এয়াৰষ্ট্ৰাইকঃ প্ৰতিশোধৰ হুংকাৰ...

ডিজিটেল ডেস্কঃ পাকিস্তানত এয়াৰষ্ট্ৰাইক কৰিলে ইৰানে। মঙ্গলবাৰে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জৈছ-আল-আদলৰ একাধিক ঘাটিত আঘাত কৰিলে ইৰানৰ ক্ষেপনাস্ত্ৰই। ইয়াৰ পাছতেই পাকিস্তানে ইৰানক প্ৰত্যাক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি পাকিস্তানৰ সকলোতকৈ ডাঙৰ প্ৰদেশ বেলুচিস্তানত থকা জৈছ-আল-আদলৰ ঘাটি ধ্বংস কৰিছে ইৰানৰ ইলিট ৰিভলিউচনেৰী গাৰ্ডে। তেহৰানৰ চৰকাৰী সংস্থাৰ দ্বাৰা নিয়ন্ত্ৰিত সংবাদ সংস্থা আই আৰ এই এয়ে জনাইছে এই আক্ৰমণত ক্ষেপনাস্ত্ৰ আৰু ড্ৰোণ ব্যৱহাৰ কৰা হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে যোৱা সোমবাৰে ইৰানী সেনাই ইৰাক আৰু চিৰিয়াৰ কুৰ্দি বিদ্ৰোহী আৰু ইজৰাইলৰ গুপ্তচৰ সংস্থা মোচাদৰ কাৰ্যালয়তো আক্ৰমণ কৰিছিল। ইফালে ইছলামাবাদে এই আক্ৰমণৰ পৰিণাম ভয়াৱহ হ'ব বুলি কৈ প্ৰতিশোধ লোৱাৰ ভাবুকি প্ৰদান কৰিছে।

পাকিস্তানে দাবী কৰিছে ইৰানৰ আক্ৰমণত দুটা শিশু নিহত হৈছে। ইফালে ইৰানে পাকিস্তানত এই আক্ৰমণ চলোৱাৰ সময়ত ইৰানলৈ দুদিনীয়া ভ্ৰমণলৈ গৈছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ।

তেওঁ ইছলামিক ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ সৈতে সাক্ষাৎকাৰত বহিছে। অৱশ্যে কূটনীতিবিদসকলৰ দাবী এই আক্ৰমণৰ সৈতে এছ জয়শংকৰৰ কোনো সম্পৰ্ক নাই।

পূৰ্বে বহুবাৰ ইৰানৰ সেনা বাহিনীৰ ওপৰত আক্ৰমণ কৰিছে ইছলামিক ছুন্নী বিদ্ৰোহী গোষ্ঠী জৈল-আল-আদলে। ইৰান সীমান্তত একাধিক বিস্ফোৰণ আৰু আৰক্ষীৰ একাধিক বিষয়াক অপহৰণ কৰিছে এই সন্ত্ৰাসবাদী গোটটোৱে।

এই সন্ত্ৰাসবাদী গোটৰ জন্ম হৈছিল ২০১২ চনত। মূলতঃ পাকিস্তানৰ সীমান্ত অঞ্চলত সন্ত্ৰাসমূলক কাম-কাজ অব্যাহত ৰাখিছে। এই বিষয়ে ইছলামাবাদো অৱগত। তাৰ পাছতো ইছলামাবাদে এই বিষয়টোক আওকান কৰি আহিছিল।

পাকিস্তানত ইৰানৰ এয়াৰষ্ট্ৰাইকঃ প্ৰতিশোধৰ হুংকাৰ...
অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ দিনটোত বিজেপি শাসিত ৰাজ্যৰ শিক্ষানুষ্ঠান বন্ধঃ ড্ৰাই দে ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in