অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ দিনটোত বিজেপি শাসিত ৰাজ্যৰ শিক্ষানুষ্ঠান বন্ধঃ ড্ৰাই দে ঘোষণা...

অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ দিনটোত বিজেপি শাসিত ৰাজ্যৰ শিক্ষানুষ্ঠান বন্ধঃ ড্ৰাই দে ঘোষণা...
অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ দিনটোত বিজেপি শাসিত ৰাজ্যৰ শিক্ষানুষ্ঠান বন্ধঃ ড্ৰাই দে ঘোষণা...

ডিজিটেল ডেস্কঃ মাজত মাত্ৰ ৫টা দিন। ২২ জানুৱাৰী, সোমবাৰে অযোধ্যাত উদ্বোধন কৰা হ'ব ৰাম মন্দিৰ। তাৰ পূৰ্বেই আজিৰে পৰা আৰম্ভ হৈছে বিভিন্ন বৈদিক ৰীতি-নীতিৰে কাম-কাজ।

ৰাম মন্দিৰ উদ্বোধনক কেন্দ্ৰ কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰে দেশজুৰি এক হিন্দু আৱেগৰ সৃষ্টিত কোনো ত্ৰুতি কৰা নাই। কেন্দ্ৰৰ এই চেষ্টাক ফলপ্ৰসু কৰি তুলিছে একাধিক ৰাজ্যই।

ৰাম মন্দিৰৰ উদ্বোধনৰ দিনটোত উত্তৰ প্ৰদেশত বন্ধৰ দিন ঘোষণা কৰিছে যোগী আদিত্য নাথ চৰকাৰে। উত্তৰ প্ৰদেশত এই বন্ধ অৱশ্যে স্বাভাৱিক। কিন্তু উত্তৰ প্ৰদেশক বাদ দি দেশৰ আন বহু কেইখন ৰাজ্যত এই নিৰ্দিষ্টি দিনটোত বন্ধ ঘোষণা কৰাৰ লগতে ড্ৰাই দে' ঘোষণা কৰা হৈছে।

উত্তৰ প্ৰদেশত ২২ জনুৱাৰীত সকলো বিদ্যালয়, শৈক্ষিক প্ৰতিষ্ঠান বন্ধ। ৰাজ্যখনৰ সকলো মদৰ দোকানতো এই দিনটোত তলা ওলমিব। উত্তৰ প্ৰদেশৰ দৰেই মধ্যপ্ৰদেশতো এই দিনটোত মদৰ দোকানসমূহত তলা ওলমিব।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহন যাদৱে ২২ জানুৱাৰীত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে। এই দিনটোত গোটেই মধ্যপ্ৰদেশত উৎসৱ পালন কৰা হ'ব বুলি জনাইছে মুখ্যমন্ত্ৰী মোহন যাদৱে।

আনহাতে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে এক সংবাদ মেলত জনাইছে ২২ জানুৱাৰীত চৰকাৰী কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি সকলো স্কুল, কলেজ বন্ধ থাকিব। ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেও সায়েও এক্সৰ জৰিয়তে জনাইছে ৰাম মন্দিৰ উদ্বোধনৰ দিনটোত ৰাজ্যখনৰ সকলো চৰকাৰী-বেচৰকাৰী স্কুল, কলেজ বন্ধ থাকিব।

হাৰিয়ানা চৰকাৰেও ২২ জানুৱাৰীত সকলো স্থানতে মদ নিষিদ্ধ কৰাৰ এক চৰকাৰী জাননী জাৰি কৰিছে। ৰাজ্য চৰকাৰখনে এক নিৰ্দেশনাৰ জৰিয়তে ২২ জানুৱাৰীত সকলো শৈক্ষিক প্ৰতিষ্ঠানক বন্ধ ৰখাৰ নিৰ্দেশ দিছে।

একেদৰে অসমতো উক্ত দিনটোত ড্ৰাই দে ঘোষণা কৰা হৈছে। ইতিমধ্যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে। শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ ফালৰ পৰা মঙ্গলবাৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া বিভিন্ন কাৰ্যসূচীৰ এক তালিকা প্ৰকাশ কৰিছে।

এই তালিকা অনুসৰি আজি আছে শিশু ৰামৰ প্ৰতিমূৰ্তিৰ শোভাযাত্ৰা। আজি শিশু ৰামৰ মূৰ্তি সৰযূ নদীৰ পাৰলৈ লৈ যোৱা হ'ব। তাত মূৰ্তিৰ অভিষেক কৰাৰ পাছত পুনৰ মন্দিৰলৈ লৈ অনা হ'ব। অৱশ্যে ভক্তৰ অধিক সমাবেশ ঘটিলে এই অনুষ্ঠান বাতিল কৰাও হ'ব পাৰে বুলি জনাইছে।

এইদৰেই দেওবাৰ পৰ্যন্ত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ'ব। ইয়াৰ পিছত ২২ জানুৱাৰীত ৰাম মন্দিৰত ৰামৰ নতুন মূৰ্তি প্ৰতিষ্ঠা কৰা হ'ব। সমান্তৰালকৈ মন্দিৰৰ ভিতৰত স্থান দিয়া হ'ব পুৰণি মূৰ্তিকো।

অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ দিনটোত বিজেপি শাসিত ৰাজ্যৰ শিক্ষানুষ্ঠান বন্ধঃ ড্ৰাই দে ঘোষণা...
বসন্ত চিৰিং ফুকনলৈ 'অসম গৌৰৱ' বঁটা : তিতাবৰত আনন্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in