হিজাব ভালদৰে পৰিধান নকৰাৰ বাবে ১৪ গৰাকীকৈ ছাত্ৰীৰ কৰি দিলে মুণ্ডন...

হিজাব ভালদৰে পৰিধান নকৰাৰ বাবে ১৪ গৰাকীকৈ ছাত্ৰীৰ কৰি দিলে মুণ্ডন...

ডিজিটেল ডেস্কঃ হিজাব ঠিকমতে পৰিধান নকৰাৰ বাবে ১৪ গৰাকীকৈ মহিলাৰ মুণ্ডন কৰি দিয়াৰ এক ঘটনা পোহৰলৈ আহিছে। ঘটনাটো ইণ্ডোনেছিয়াৰ এখন বিদ্যালয়ত সংঘটিত হৈছে। সোমবাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে ঘটনাৰ বিষয়ে অৱগত কৰি কয় যে হিজাব পৰিধান নকৰাৰ বাবে তেওঁলোকৰ মুণ্ডন কৰি দিয়ে।

২৭ কোটিলোকৰ দেশখনৰ কিছুমান অঞ্চলত মুছলমান আৰু অ-মুছলমান ছোৱালীসকলক বছৰ বছৰ ধৰি হিজাব পৰিধান কৰিবলৈ বাধ্য কৰি অহা হৈছে। ২০২১ চনত ইণ্ডোনেছিয়াত ধৰ্মীয় পোছাক সংহিতা নিষিদ্ধ কৰা হৈছিল । তাৰপাছতো দেশখনৰ বিভিন্ন প্ৰান্তত হিজাব পৰিধান কৰিবলৈ বাধ্য কৰা হয় একাংশক।

উক্ত ঘটনাৰ বাবে পূব জাভাৰ লামোনগান চহৰৰ চৰকাৰী জুনিয়ৰ হাইস্কুলৰ শিক্ষকজনক নিলম্বন কৰাৰ হৈছে লগতে বিদ্যালয় কৰ্তৃপক্ষই ক্ষমাও খুজিছে। জানিব পৰা মতে, হিজাবৰ ভিতৰত যিটো টুপি পিন্ধে সেয়া যুৱতী কেইগৰাকীয়ে পিন্ধা নাছিল। যাৰবাবে তেওঁলোকৰ চুলি দেখা পোৱা গৈছিল। তাৰপাছতে তেওঁলোকৰ মুণ্ডন কৰোৱা হৈছিল।

হিজাব ভালদৰে পৰিধান নকৰাৰ বাবে ১৪ গৰাকীকৈ ছাত্ৰীৰ কৰি দিলে মুণ্ডন...
যোৰহাটৰ সান্দীপ বৈদ্যৰ ৰাষ্ট্ৰীয় শৰীৰ চৰ্চা প্ৰতিযোগীতাত সফলতা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in