যোৰহাটৰ সান্দীপ বৈদ্যৰ ৰাষ্ট্ৰীয় শৰীৰ চৰ্চা প্ৰতিযোগীতাত সফলতা

যোৰহাটৰ সান্দীপ বৈদ্যৰ ৰাষ্ট্ৰীয় শৰীৰ চৰ্চা প্ৰতিযোগীতাত সফলতা

ডিজিটেল সংবাদ, যোৰহাট : ছিক্কিমৰ গেংটক মগন ভৱনত ডব্লিউ এফ এফ'ৰ দ্বাৰা এছ বি ফিটনেছ ২.০য়ে দুদিনীয়াকৈ আয়োজন কৰা ৰাষ্ট্ৰীয় শৰীৰ চৰ্চা প্ৰতিযোগিতাত যোৰহাটৰ সান্দীপ বৈদ্যই ৰূপৰ পদক অৰ্জনেৰে অসমৰ লগতে যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে। সমগ্ৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা শতাধিকৰো অধিক প্ৰতিযোগীয়ে যোগদান কৰিছিল এই প্ৰতিযোগিতাখনত ।

যোৰহাটৰ চান হেলথ ক্লাবৰ প্ৰশিক্ষক তথা স্বতাধিকাৰী সান্দীপ বৈদ্যই প্ৰতিযোগিতাখনৰ ৬০ কেজি শাখাৰ শৰীৰ চৰ্চাত ৰূপৰ পদক, মাষ্টাৰ অপেনত ব্ৰঞ্জৰ পদক আৰু বাৰ্মুদা বীচ্চ মডেলত পঞ্চম স্থান অধিকাৰ কৰি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে উক্ত প্ৰতিযোগিতাখনত ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে উপস্থিত থাকি বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰাৰ উপৰিও অংশগ্ৰহণকাৰী প্ৰতিযোগীসকলক বিশেষ ভাৱে উৎসাহিত কৰে।

যোৰহাটৰ সান্দীপ বৈদ্যৰ ৰাষ্ট্ৰীয় শৰীৰ চৰ্চা প্ৰতিযোগীতাত সফলতা
কংগ্ৰেছত যোগদান কৰাৰ কিছু সময় পাছতেই পুনৰ বিজেপিলৈ উভতিল তিতাবৰৰ প্ৰাক্তন পৌৰপতি

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in