অকলেই আমাজন বৰ্ষাৰণ্যৰ খনন কাৰ্য ৰোধ কৰা প্ৰকৃতিপ্ৰেমীগৰাকী

অকলেই আমাজন বৰ্ষাৰণ্যৰ খনন কাৰ্য ৰোধ কৰা প্ৰকৃতিপ্ৰেমীগৰাকী

ডিজিটেল ডেস্ক : আমাজন বৰ্ষাৰণ্য । ৬.৭ মিলিয়ন বৰ্গ কিলোমিটাৰ জোৰা এই বৰ্ষাৰণ্যখনৰ তাৎপৰ্য আৰু প্ৰয়োজনীয়তা সম্বন্ধে প্ৰতিগৰাকী শিক্ষিত ব্যক্তিয়েই অৱগত । জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰতো আমাজন বৰ্ষাৰণ্যৰ গুৰুত্ব কিমান সেই কথাও জ্ঞাত সকলোৰে । কিন্তু এনে এক বৰ্ষাৰণ্যও সাৰি নগ'ল মানুহৰ লালসাৰ পৰা ।

২০২০ চনত সংঘটিত এক অগ্নিকাণ্ডই এফালৰ পৰা ঢাহি মুহি নিছিল অৰণ্যখনৰ এক বৃহৎ অংশক । পৰৱৰ্তী সময়ত প্ৰকাশ হৈছিল যে এই অগ্নিকাণ্ডৰ সৈতে সংযোগ হৈ আছিল ব্ৰাজিলৰ বহু শীৰ্ষ ৰাজনীতিবিদৰ নাম । অৰণ্যৰ মাটি মোকলাই উদ্যোগপতিক গতোৱাৰ আশাত অগ্নি সংযোগ কৰা হৈছিল যদিও সেই অগ্নিক কাবু কৰি ৰাখিব নোৱাৰিলে কৰ্তৃপক্ষই । ফলত ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ । চিৰদিনৰ বাবে হেৰাই গ'ল শ শ জীৱ-জন্তু ।

ৰাজনীতিবিদ-উদ্যোগপতিৰ মুনাফা লাভৰ ভঁৰাল আমাজন বৰ্ষাৰণ্য কিন্তু তাতে শতিকা ধৰি বাস কৰি অহা খিলঞ্জীয়া লোকসকলৰ বাবে কেৱল ঘৰেই নহয় বৰং উপাসনাস্থলীও । অৰণ্যকেই উপাসনা কৰি অত দিন অৰণ্যৰ মাজতেই জীৱ-জন্তুৰ সৈতে সহবাস কৰি আহিছে এই সকল খিলঞ্জীয়া লোকে ।

তেনে এক খিলঞ্জীয়া দলৰ সদস্য আছিল আলেচান্দ্ৰা কোৰাপ । ৮০ৰ দশকত জন্মলাভ কৰা ব্ৰাজিলৰ আলেচান্দ্ৰা কোৰাপে সৰুৰে পৰাই আমাজন বৰ্ষাৰণ্যত উদ্যোগপতিৰ নিষ্ঠুৰ আঘাত প্ৰত্যক্ষ কৰি আহিছিল । মানুহৰ প্ৰকৃতিৰ প্ৰতি এনে অন্যায় দেখি দেখি ডাঙৰ হোৱা আলেচান্দ্ৰাই পৰৱৰ্তী সময়ত পৰিৱেশকৰ্মীৰূপে আৰম্ভ কৰিলে এনে উদ্যোগপতিসকলৰ বিৰুদ্ধে প্ৰতিবাদ ।

দক্ষিণ আমেৰিকাৰ বৃহত্তম খনন কোম্পানী "এংলো ইণ্ডিয়ান পি এল চি"ৰ বিৰুদ্ধে অকলেই আৰম্ভ কৰিলে প্ৰতিবাদ । আমাজন বৰ্ষাৰণ্যত খননৰ বিৰোধিতা বিশ্ব মঞ্চলৈ লৈ গ'ল অকলেই । দীৰ্ঘদিনীয়া যুঁজৰ অন্তত হাৰ মানিলে "এংলো ইণ্ডিয়ানে" । আমাজন বৰ্ষাৰণ্যত গৱেষণাৰ বাবে পঠিওৱা ৩০ গৰাকী গৱেষকক উভতাই লৈ আনিলে কোম্পানীটোৱে । বন্ধ কৰা হ'ল আমাজনৰ খনন কাৰ্য ।

শেহতীয়াকৈ আলেচান্দ্ৰা কোৰাপক প্ৰদান কৰা হ'ল ২০২৩ বৰ্ষৰ গোল্ডমেন বঁটা । পৰিৱেশ সন্দৰ্ভত প্ৰতিবছৰেই প্ৰতিখন মহাদেশৰ এগৰাকী ব্যক্তিলৈ আগবঢ়োৱা হয় এই বঁটা । মূলত: তৃণমূল পৰ্যায়ত কৰা কামৰ বাবে প্ৰদান কৰা এই বঁটাক পৰিৱেশ বিজ্ঞানৰ অন্যতম বুলি গণ্য কৰা হয় সমগ্ৰ বিশ্বত । মানুহ বনাম প্ৰকৃতিৰ যুঁজত যেন আকৌ এবাৰ জয়ী হ'ল মানুহ, কিন্তু এইবাৰ প্ৰকৃতিৰ বাবে ।

অকলেই আমাজন বৰ্ষাৰণ্যৰ খনন কাৰ্য ৰোধ কৰা প্ৰকৃতিপ্ৰেমীগৰাকী
সদৌ বড়ো সমাজৰ নতুন সমিতি গঠন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in