সদৌ বড়ো সমাজৰ নতুন সমিতি গঠন

author-image
Asomiya Pratidin
New Update
সদৌ বড়ো সমাজৰ নতুন সমিতি গঠন

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ তিতাগুৰী কমিউনিতি হ'লত যোৱা ২৩ এপ্ৰিলত এদিনিয়া কাৰ্যসূচীৰে সদৌ বড়ো সমাজৰ এক বিশেষ প্ৰতিনিধি সভা অনুষ্ঠিত হয়।

Advertisment

উক্ত প্ৰতিনিধি সভাত পুৰনা সমিতিখন ভংগ কৰি নতুন সমিতি গঠন কৰে। এই নতুন সমিতিত কোকৰাঝাৰৰ বেনুধৰ বসুমতাৰীক সভাপতি আৰু বিজনীৰ কমলা কান্ত বসুমতাৰীক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়।

সমিতিৰ উপ সভাপতি হিচাপে ক্ৰমে নুৰসিং নাৰ্জীনাৰী, বিবেকান্দ নাৰ্জাৰী আৰু প্ৰদীপ কুমাৰ ব্ৰহ্মক নিৰ্বাচিত কৰাৰ লগতে সহকাৰী সম্পাদক হিচাপে সোনাৰাম বড়ো, ইন্দ্ৰ মোহন দৈমাৰী, গজেন নাৰ্জী আৰু ৰমেশ স্বৰ্গীয়াৰীক নিৰ্বাচিত কৰে।

পশ্চিম বংগৰ সৈতে মুঠ ২৬ জনীয়া এটি কাৰ্যনিৰ্বাহক সমিতি গঠন কৰে। সমিতিৰ উপদেষ্টা হিচাপে সদৌ বড়ো সমাজৰ প্ৰাক্তন সভাপতি ৰাজেন বড়ো, ড০ মংগলসিং হাজোৱাৰী, ড০ দীননাথ বসুমতাৰী, উত্তম কুমাৰ ব্ৰহ্ম, হেমন্ত মোছাহাৰী, দেনেশ্বৰ গয়াৰী আৰু ৰঞ্জিত বৰগয়াৰী সকলক নিৰ্বাচিত কৰা হয়।

উক্ত বিশেষ প্ৰতিনিধি সভাত বড়ো চেনিয়ৰ চিটিজন ফৰামৰ কাৰ্যকৰী সভাপতি ভ০ দীননাথ বসুমতাৰী, বড়ো ৰাইটাৰ্চ একাডেমিৰ সভাপতি ৰাজেন বসুমতাৰী আৰু পশ্চিম বংগৰ সমাজ সেৱক নবীন মণ্ডল সকলে অংশগ্ৰহণ কৰে।

Also Read: নেইফিউ ৰিঅ'ক অসমৰ সৈতে যৌথভাৱে খাৰুৱা তেল উৎপাদনৰ চুক্তি প্ৰত্যাহাৰৰ দাবী নাগা নেচনেল পলিটিকেল গ্ৰুপৰ

kokrajhar