আমেৰিকাত আক্ৰমণৰ সন্মুখীন ভাৰতীয় ছাত্ৰঃ হেৰুৱালে দৃষ্টিশক্তি, জঠৰ হৈ পৰিল শৰীৰ এটা অংশ...

আমেৰিকাত আক্ৰমণৰ সন্মুখীন ভাৰতীয় ছাত্ৰঃ হেৰুৱালে দৃষ্টিশক্তি, জঠৰ হৈ পৰিল শৰীৰ এটা অংশ...
আমেৰিকাত আক্ৰমণৰ সন্মুখীন ভাৰতীয় ছাত্ৰঃ হেৰুৱালে দৃষ্টিশক্তি, জঠৰ হৈ পৰিল শৰীৰ এটা অংশ...

ডিজিটেল ডেস্কঃ মাৰ্কিন যুক্তৰাষ্ট্ৰত আক্ৰমণৰ সন্মুখীন ভাৰতীয় ছাত্ৰ। শৰীৰ চৰ্চা কেন্দ্ৰত গৈ শৰীৰ চৰ্চা কৰাৰ সময়তে এগৰাকী ভাৰতীয় ছাত্ৰৰ মূৰত আঘাত কৰি প্ৰাণে মৰাৰ চেষ্টা কৰে দুৰ্বৃত্তই। আহত ছাত্ৰগৰাকীক ভৰ্তি কৰা হৈছে হাস্পতালত।

এই ঘটনা সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আমেৰিকাৰ বিদেশ দপ্তৰে। হাস্পতালত চিকিৎসাধীন ভাৰতীয় ছাত্ৰগৰাকীৰ সুস্থতা আশা কৰি তেওঁলোকে এই বিবৃতিও প্ৰকাশ কৰিছে। ইফালে চিকিৎসকে জনোৱা অনুসৰি মূৰত গুৰুতৰ আঘাত পোৱা শিক্ষাৰ্থীগৰাকীয়ে স্বাভাৱিক জীৱনলৈ ঘূৰি অহাৰ আশা বহু কম।

মাৰ্কিন যুক্তৰাষ্ট্ৰত আক্ৰমণৰ সন্মুখীন হোৱা ছাত্ৰজনৰ নাম পি বৰুণ ৰাজ। ২৪ বৰ্ষীয় এই তেলেংগানাৰ এই ছাত্ৰজনে কম্পিউটাৰ বিজ্ঞান অধ্যয়ন কৰি আছে। যোৱা ২৯ অক্টোবৰত জিমত শৰীৰ চৰ্চা কৰি থকাৰ সময়তে হঠাৎ তেওঁৰ মূৰত ছুৰিৰে আঘাত কৰে এজন ব্যক্তিয়ে। ফলত গুৰুতৰভাৱে আহত হয় পি বৰুণ ৰাজ। কিন্তু তেওঁৰ শাৰীৰিক অৱস্থাৰ অবনতি ঘটিছে।

ঘটনাৰ ৫ দিন পাছত মাৰ্কিন প্ৰশাসনে এই সন্দৰ্ভত মুখ খুলিছে। বৃহস্পতিবাৰে এই সন্দৰ্ভত এক বিবৃতিত মাৰ্কিন প্ৰশাসনে কয়, ভাৰতীয় পঢ়ৱৈ বৰুণ ৰাজৰ ওপৰত হোৱা আক্ৰমণক লৈ আমেৰিকা খুবেই উদ্বিগ্ন। তেওঁৰ দ্ৰুত সুস্থতা কামনা কৰিছো। এই ঘটনাৰ সন্দৰ্ভত স্থানীয় প্ৰশাসনে তদন্ত চলাইছে।

জানিব পৰা মতে আক্ৰমণকাৰীক ইতিমধ্যে আটক কৰা হৈছে। কিন্তু কি কাৰণত বৰুণ ৰাজক এইদৰে আক্ৰমণ কৰা হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ইফালে হাস্পতালত লাইফ চাপোৰ্টত ৰখা হৈছে ভাৰতীয় শিক্ষাৰ্থীগৰাকীক।

তেওঁ সুস্থ হৈ পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবনে নাই তাক লৈ সংকিত চিকিৎসকসকল। তেওঁৰ শৰীৰ বাওঁফালটো অকামিলা হৈ যোৱাৰ আশাংকা কৰিছে। ইয়াৰোপৰি দৃষ্টি শক্তিও হেৰুৱাব পাৰে।

আমেৰিকাত আক্ৰমণৰ সন্মুখীন ভাৰতীয় ছাত্ৰঃ হেৰুৱালে দৃষ্টিশক্তি, জঠৰ হৈ পৰিল শৰীৰ এটা অংশ...
ৱাংখেড়েত এয়া কাৰ প্ৰতিমূৰ্তি? শচীনৰ নে স্মিথৰ ? সামাজিক মাধ্যমত চলিছে বিতৰ্ক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in