ৱাংখেড়েত এয়া কাৰ প্ৰতিমূৰ্তি? শচীনৰ নে স্মিথৰ ? সামাজিক মাধ্যমত চলিছে বিতৰ্ক...

ৱাংখেড়েত এয়া কাৰ প্ৰতিমূৰ্তি? শচীনৰ নে স্মিথৰ ? সামাজিক মাধ্যমত চলিছে বিতৰ্ক...
ৱাংখেড়েত এয়া কাৰ প্ৰতিমূৰ্তি? শচীনৰ নে স্মিথৰ ? সামাজিক মাধ্যমত চলিছে বিতৰ্ক...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিশ্বকাপৰ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা মেচত ভাৰতৰ প্ৰদৰ্শনত দেশৰ ক্ৰিকেট অনুৰাগী উৎফুল্লিত হৈ থকাৰ সমান্তৰালকৈ এই মেচখনৰ আৰম্ভণিৰ ঠিক প্ৰাক মুহূৰ্তৰ পৰা দেশজুৰি আৰম্ভ হৈছে এক বিতৰ্ক।

বৃহস্পতিবাৰে ৱাংখেড়ে ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মেচৰ পূৰ্বে উন্মোচন কৰা হৈছিল শচীন তেণ্ডুলকাৰৰ এক প্ৰতিমূৰ্তি। ষ্টেডিয়ামৰ বাহিৰত শচীনৰ সন্মুখতে সেই প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। আনহাতে তেওঁৰ হাতত তুলি দিয়া হয় সেই প্ৰতিমূৰ্তিৰে অবিকল আন এটা ক্ষুদ্ৰ প্ৰতিমূৰ্তি।

এই প্ৰতিমূৰ্তি উন্মোচনৰ পাছতে সামাজিক মাধ্যমত আৰম্ভ হৈছে বিতৰ্ক। বহুতে দাবী কৰিছে এই প্ৰতিমূৰ্তি শচীন তেণ্ডুলকাৰৰ নহয়। এই প্ৰতিমূৰ্তি অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ষ্টিভ স্মিথৰহে।

উল্লেখ্য, ৱাংখেড়ে ষ্টেডিয়ামত শচীন তেণ্ডুলকাৰৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ পৰিকল্পনা বহু পূৰ্বৰে পৰা চলাই আহিছিল মহাৰাষ্ট্ৰ ক্ৰিকেট সন্থাই। প্ৰথমে চলিত বছৰতে ২৪ এপ্ৰিলত শচীনৰ জন্মদিনৰ দিনটোতে এই প্ৰতিমূৰ্তি স্থাপন কৰাৰ কথা আছিল যদিও পৰৱৰ্তী সময়ত বিশ্বকাপৰ মাজতে এই প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

পূৰ্বে ঘোষণা কৰা অনুসৰিয়েই ভাৰত-শ্ৰীলংকা মেচৰ পূৰ্বে উন্মোচিত কৰা হয় এই প্ৰতিমূৰ্তি। কিন্তু ইয়াৰ পাছতে আৰম্ভ হয় বিতৰ্ক। বহুতৰ মতে এয়া শচীন নহয়, স্মিথৰ হে প্ৰতিমূৰ্তি।

অৱশ্যে প্ৰতিমূৰ্তি উন্মোচিত হোৱাৰ পাছত শচীনে কয়, এয়া আমাৰ বাবে বিশেষ মুহূৰ্ত। এই বছৰৰ ফেব্ৰুৱাৰীত মোক মূৰ্তি নিৰ্মাণ কৰাৰ কথা জনোৱা হৈছিল। খুব আনন্দ লাভ কৰিছিলো। বুজি পোৱা নাছিলো কিদৰে ইয়াৰ প্ৰতিক্ৰিয়া দিওঁ। ইয়াত আজি এই প্ৰতি মূৰ্তি দেখি খুব ভাল লাগিছে। মনৰ মাজত হাজাৰ হাজাৰ ছবিয়ে ভিৰ কৰিছে। কিমান যে অসাধাৰণ স্মৃতি জড়িত হৈ আছে এই ষ্টেডিয়ামৰ সৈতে। এই ক্ষেত্ৰখনে মোৰ জীৱনত বহু কিবাকিবি দিছে।

মাত্ৰ ১০ বছৰ বয়সত ককাকৰ সৈতে ৱাংখেড়ে ষ্টেডিয়ানত প্ৰথমবাৰৰ বাবে কোনো এখন মেচ উপভোগ কৰিবলৈ আহিছিল শচীন তেণ্ডুলকাৰ। সেয়া আছিল ৱাংখেড়েত তেওঁৰ প্ৰথম ভ্ৰমণ। আৰু তাৰ পাছৰ পৰাই সলনি হৈছিল জীৱন।

ভাৰতত ধৰ্মলৈ ৰূপান্তৰিত হোৱা ক্ৰিকেটৰ বেটখন হাতত তুলি লোৱাৰ পাছত তৈ হৈ পৰিল 'ভগৱান'।সেই ভগৱানৰে প্ৰতিমূৰ্তি উন্মোচিত হোৱাৰ পাছত সৃষ্টি হোৱা এই বিতৰ্ক অনাকাংক্ষিত।

বহুতৰ মতে এনে এক কাৰ্য সম্পাদিত কৰাৰ আগত সকলো দিশৰ পৰা সংবেদনশীল হ'ব লাগে। আন একাশংৰ মতে এয়া আজিৰ শচীনৰ প্ৰতিমূৰ্তি নহয়। কিশোৰ শচীনৰহে প্ৰতিমূৰ্তি। মানুহে ইচ্ছাকৃতভাৱে তাৰ মাজত স্মিথক বিচাৰি লৈছে।

আন একাংশই আকৌ শীঘ্ৰেই এই প্ৰতিমূৰ্তি আঁতৰাই সেই স্থানত শচীনৰ অবিকল এক প্ৰতিমূৰ্তি স্থাপনৰ দাবী কৰিছে।

ৱাংখেড়েত এয়া কাৰ প্ৰতিমূৰ্তি? শচীনৰ নে স্মিথৰ ? সামাজিক মাধ্যমত চলিছে বিতৰ্ক...
অপৰাধজনিত গোচৰৰ তথ্য লুকুৱাই বিপদত বিজেপিৰ প্ৰাৰ্থীঃ নিৰ্বাচন আয়োগত গোচৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in