Advertisment

কানাডাত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত নিহত ভাৰতীয় ছাত্ৰ

আৰক্ষীয়ে এই ঘটনাৰে জড়িতক আটক কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে

author-image
Asomiya Pratidin
New Update
কানাডাত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত নিহত ভাৰতীয় ছাত্ৰ

ডিজিটেল ডেস্ক : কানাডা চহৰৰ মেইন ষ্ট্ৰীটত অচিনাক্ত দুৰ্বৃত্তই এগৰাকী ভাৰতীয় ছাত্ৰক গুলিয়াই হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। গাড়ীৰ ভিতৰতে থকা অৱস্থাত ভাৰতীয় ছাত্ৰজনক দুৰ্বৃত্তই হত্যা কৰা বুলি জানিব পৰা গৈছে।

Advertisment

আৰক্ষীয়ে লাভ কৰা তথ্যমতে নিহত ছাত্ৰজনৰ নাম ছিৰাগ আন্টিল। ২৪ বছৰীয়া ছিৰাগে হাৰিয়ানাৰ পৰা কানাডালৈ বুলি অধ্যয়নৰ বাবে গৈছিল।

আৰক্ষীয়ে এই ঘটনাৰে জড়িতক আটক কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কানাডাত ভাৰতীয় নাগৰিকৰ ওপৰত শেহতীয়াকৈ আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে।

Also Read: প্ৰচাৰ তুংগতঃ লামডিঙত প্ৰচাৰ চলাবলৈ আহিব ফুচকাৰ সোৱাদ ল'লে ৰজ'লীনা তিৰ্কীয়ে...

police student attack crime canada hariyana