প্ৰচাৰ তুংগতঃ লামডিঙত প্ৰচাৰ চলাবলৈ আহিব ফুচকাৰ সোৱাদ ল'লে ৰজ'লীনা তিৰ্কীয়ে...

প্ৰচাৰ তুংগতঃ লামডিঙত প্ৰচাৰ চলাবলৈ আহিব ফুচকাৰ সোৱাদ ল'লে ৰজ'লীনা তিৰ্কীয়ে...

ডিজিটেল সংবাদ, লামডিংঃ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ তিনিটা দিন । কি চহৰ কি নগৰ দিন-ৰাতি একাকাৰ কৰি দলীয় প্ৰাৰ্থীসকলে নেতা কৰ্মীক লৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ । আজি নিশা লামডিং বজাৰত কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰজ'লীনা তিৰ্কী ।

লামডিং বজাৰৰ প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠানৰ দোকানে দোকানে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গ'ল । কামাখ্যা প্ৰসাদ তাছাৰ হৈ আজি লামডিঙত বিশাল জন সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা বিপৰীতে নিশা বজাৰৰ ব্যৱসায় সকলক ভোট বিচাৰি আহিল কংগ্ৰেছ প্ৰাৰ্থী ৰজ'লীন তিৰ্কী ।

জনসভাৰ পৰিৱৰ্তে কংগ্ৰেছৰ নেতা কৰ্মীকে ধৰি ৩০ - ৩৫ জনসমর্থকক লগত লৈ দোকানে দোকানে গৈ গৈ ভোট বিচাৰিছে কংগ্রেছ প্রার্থী গৰাকীয়ে । আনফালে প্ৰচাৰৰ চলোৱা সময়তে বজাৰৰ পানিপুৰী দোকানত ফুচকাৰ সোৱাদ লোৱাত দেখা গৈছে ৰজলীনাক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in