অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে আমেৰিকাত আক্ৰমণৰ সন্মুখীন হোৱা ভাৰতীয় ছাত্ৰ পি বৰুণ ৰাজে...

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে আমেৰিকাত আক্ৰমণৰ সন্মুখীন হোৱা ভাৰতীয় ছাত্ৰ পি বৰুণ ৰাজে...

author-image
Asomiya Pratidin
New Update
অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে আমেৰিকাত আক্ৰমণৰ সন্মুখীন হোৱা ভাৰতীয় ছাত্ৰ পি বৰুণ ৰাজে...

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে আমেৰিকাত আক্ৰমণৰ সন্মুখীন হোৱা ভাৰতীয় ছাত্ৰ পি বৰুণ ৰাজে...

ডিজিটেল ডেস্কঃ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে আমেৰিকা যুক্তৰাষ্ট্ৰত জিমত শৰীৰ চৰ্চা কৰি থকাৰ সময়ত আক্ৰমণৰ সন্মুখীন হোৱা ভাৰতীয় ছাত্ৰ পি বৰুণ ৰাজে। বুধবাৰে আমেৰিকাৰ এখন চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে।

Advertisment

তেলেংগানাৰ এই ছাত্ৰগৰাকীয়ে বিজ্ঞান অধ্যয়ন কৰি ভাল পাইছিল। সেই সূত্ৰেই তেওঁ আমেৰিকাত অধ্যয়ন কৰিবলৈ গৈছিল।

উল্লেখ্য, ২৯ অক্টোবৰত মাৰ্কিন যুক্তৰাষ্ট্ৰত আক্ৰমণৰ সন্মুখীন হৈছিল পি বৰুণ ৰাজ। ২৪ বৰ্ষীয় বৰুণে কম্পিউটাৰ বিজ্ঞান অধ্যয়ন কৰি আছিল।

নিৰ্দিষ্ট দিনটোত জিমত শৰীৰ চৰ্চা কৰি থকাৰ সময়তে হঠাৎ তেওঁৰ মূৰত ছুৰিৰে আঘাত কৰিছিল এজন ব্যক্তিয়ে। ফলত গুৰুতৰভাৱে আহত হয় পি বৰুণ ৰাজ।

ঘটনাৰ ৫ দিন পাছত মাৰ্কিন প্ৰশাসনে এই সন্দৰ্ভত মুখ খুলিছিল। এই সন্দৰ্ভত এক বিবৃতিত মাৰ্কিন প্ৰশাসনে কৈছিল, ভাৰতীয় পঢ়ৱৈ বৰুণ ৰাজৰ ওপৰত হোৱা আক্ৰমণক লৈ আমেৰিকা খুবেই উদ্বিগ্ন।

এই ঘটনাৰ সন্দৰ্ভত স্থানীয় প্ৰশাসনে তদন্ত চলাইছে। বৰুণ ৰাজক আক্ৰমণকাৰীক ইতিমধ্যে যুক্তৰাষ্ট্ৰৰ আৰক্ষীয়ে আটক কৰিছে।

কিন্তু কি কাৰণত বৰুণ ৰাজক এইদৰে আক্ৰমণ কৰা হ'ল সেয়া এতিয়াও জানিব পৰা নগ'ল। ইফালে হাস্পতালত লাইফ চাপোৰ্টত ৰখা হৈছিল ভাৰতীয় শিক্ষাৰ্থীগৰাকীক।

Also Read: এটা আত্মহত্যাকলৈ মঙলদৈত উত্তপ্ত পৰিস্থিতি...

আমেৰিকা যুক্ত ৰাষ্ট্ৰ