এটা আত্মহত্যাকলৈ মঙলদৈত উত্তপ্ত পৰিস্থিতি...

এটা আত্মহত্যাকলৈ মঙলদৈত উত্তপ্ত পৰিস্থিতি...
এটা আত্মহত্যাকলৈ মঙলদৈত উত্তপ্ত পৰিস্থিতি...

ডিজিটেল সংবাদ মঙলদৈঃ এটা আত্মহত্যাক কেন্দ্ৰ কৰি মঙলদৈত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। মঙলদৈৰ বাসব নগৰৰ ৰিপুঞ্জয় গোস্বামীৰ ঘৰৰ বাথৰুমত বুধবাৰে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় এগৰাকী দিন হাজিৰা কৰা মহিলাৰ।

মঙলদৈ কঁপালি বস্তিৰ প্ৰণীতা সৰকাৰ নামৰ মহিলাগৰাকীয়ে বাসব নগৰৰ বিভিন্ন লোকৰ ঘৰৰ লগতে ৰিপুঞ্জয় গোস্বামীৰ ঘৰটো মাজে মাজে কাম কৰিছিল। বুধবাৰেও সেই সূত্ৰেই আহিছিল যদিও মহিলাগৰাকীয়ে বাথৰুমত আত্মহত্যা কৰে।

এই ঘটনাৰ তথ্য পোহৰলৈ অহাৰ পাছতে এইয়া প্ৰকৃততে আত্মহত্যা নে হত্যা তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। আত্মহত্যা কৰা প্ৰণীতা সৰকাৰৰ পৰিয়াল তথা আত্মীৰ লোকে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

ইফালে দৰঙৰ আৰক্ষী অধীক্ষকসহ মঙলদৈ থানাৰ আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। এতিয়া আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে এই ঘটনাৰ সত্যতা পোহৰলৈ আহিব। প্ৰণীতা সৰকাৰ নামৰ মহিলাগৰাকীয়ে সঁচাই আত্মহত্যা কৰিলে নে তেওঁক হত্যা কৰা হ'ল সেয়া জানিব পৰা যাব।

এটা আত্মহত্যাকলৈ মঙলদৈত উত্তপ্ত পৰিস্থিতি...
কাঠফলা মেচিনেৰে ৮ বছৰীয়া শিশুক হত্যা! কণমানি কিশোৰীৰ শিহৰণকাৰী বৰ্ণনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in