বয়োজ্যেষ্ঠৰ নিসংগতা দূৰ কৰিছে ভাৰতীয় মূলৰ দুই ভগ্নীয়ে

ক'ভিডৰ পিচৰে পৰা লিখিলে ১৫ লাখ পত্ৰ
বয়োজ্যেষ্ঠৰ নিসংগতা দূৰ কৰিছে ভাৰতীয় মূলৰ দুই ভগ্নীয়ে

ডিজিটেল ডেস্ক : ভাৰতীয় মূলৰ দুগৰাকী আমেৰিকান ভগ্নীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বয়োজ্যেষ্ঠ নাগৰিকসকললৈ চিঠি লিখি তেওঁলোকৰ নি:সংগতা দূৰ কৰাৰ অভিনৱ প্ৰয়াস অব্যাহত ৰাখিছে । ক'ভিড মহামাৰী আৰম্ভ হোৱাৰে পৰা দুই ভগ্নীয়ে ১৫ লাখ পত্ৰ লিখি এনেদৰে বয়োজ্যেষ্ঠ নাগৰিকসকলৰ নি:সংগতাবোধ দূৰ কৰিছে । আমেৰিকাৰ মাছাছুছেটচ প্ৰদেশৰ বাসিন্দা শ্ৰেয়া আৰু ছেফ্ৰন পেটেলে ২০২০ চনৰ আৰম্ভণিৰে পৰা ক'ভিডৰ বাবে ককা আৰু আইতাকৰ সৈতে সময় অতিবাহিত কৰিবলৈ সক্ষম হোৱা নাছিল ।

অৱশেষত দুয়োকে আনন্দত ৰখাৰ বাবে পেটেল ভগ্নীদ্বয়ে ভিডিঅ' কল কৰিছিল । পিছে তাতো সন্তুষ্ট নোহোৱাত আৰম্ভ হয় পত্ৰ লিখাৰ কাম । দুয়োগৰাকীয়ে "লেটাৰ এগেইনষ্ট আইছ'লেচন" নামৰ সংস্থা এটা আৰম্ভ কৰি ৭ খন দেশৰ ৫ লাখৰো অধিক বয়োজ্যেষ্ঠ নাগৰিকলৈ ১৫ লাখ পত্ৰ প্ৰেৰণ কৰিছে । বিগত বৰ্ষত ইয়াৰ বাবে দুয়ো ভগ্নীকে প্ৰদান কৰা হৈছিল ডায়েনা বঁটাও ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in