কাৰ্বি আংলঙত পথ নিৰ্মাণত সংঘটিত বিয়াগোম কেলেংকাৰী

কাৰ্বি আংলঙত পথ নিৰ্মাণত সংঘটিত বিয়াগোম কেলেংকাৰী

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাৰ দাতিকাষৰীয়া কাৰ্বিআংলঙৰ দ্বাৰবাগৰী পৰিষদীয় সমষ্টিত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী।কাজিৰঙাৰ কহঁৰা আৰু কাৰ্বিআংলঙৰ ডলামৰা সংযোগী গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ নামত ঠিকাদাৰে লুন্ঠন চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

অভিযোগ অনুসৰি আগৰৱালা উপাধীৰ ঠিকাদাৰজনে ২০১৯-২০ SOPD আচনিৰ অধীনত ছমাহ পূৰ্বে নিৰ্মাণ আৰম্ভ কৰিছিল পথটোৰ। কিন্তু চলিত বৰ্ষৰ ডিচেম্বৰ মাহতে পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব লাগিছিল যদিও আজিও পথটো অসম্পূৰ্ণ হৈয়েই ৰ'ল‌‌‌।পথটোত কেৱল শিল আৰু বালি পেলায়েই দায়িত্ব সামৰিলে ঠিকাদাৰজনে।

ফলত যমৰ-যাতনা ভুগ কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে। কেৱল ইমানেই নহয় পথটোত থকা বহুকেইটা কালভাৰ্ট নতুনকৈ মেৰামতিৰ কৰা হয় যদিও নিম্নমানৰ শিল,বালিৰে কালভাৰ্টকেইটা নিৰ্মাণ কৰাত ইতিমধ্যে খহি গৈছে গাৰ্ডৱাল।

উল্লেখ্যে যে প্ৰায় ৩.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ বাবদ আবন্টন দিয়া হৈছিল প্ৰায় ৩ কোটি টকা। ৰাইজৰ সন্দেহ কাম সম্পূৰ্ণ নোহোৱাকৈয়ে আবন্টিত ধনৰাশি আত্মসাৎ কৰিছে ঠিকাদাৰ তথা বিভাগীয় বিষয়া কৰ্মচাৰীয়ে। যি সময়ত শাসকীয় চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল হোৱা বুলি দাবী কৰিছে তেনে ক্ষেত্ৰত কাৰ্বি আংলঙত চলি থকা এই দুৰ্নীতি অনিয়মৰ ক্ষেত্ৰত যেন চকু মুদা কুলিৰ ভাওত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ।

ইপিনে যি সময়ত কাজিৰঙা-কাৰ্বিআংলঙ সামৰি নতুন পৰ্যটন প্ৰকল্পৰ কথা চিন্তা কৰা হৈছে তেনে ক্ষেত্ৰত উন্নয়নৰ এনে স্থবিৰতাই প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে বুলিও সন্দেহ সচেতন ৰাইজৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in