স্পেলিং বী প্ৰতিযোগিতাত খিতাপ দখল কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে দেৱ শ্বাহে

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী হৈ ৫০ হাজাৰ ডলাৰ নগদ ধন লাভ কৰে

author-image
Asomiya Pratidin
New Update
স্পেলিং বী প্ৰতিযোগিতাত খিতাপ দখল কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে দেৱ শ্বাহে

ডিজিটেল ডেস্কঃ বিশ্বৰ যিকোনো ভাষাৰ উচ্চাৰণ আৰু শব্দৰ শুদ্ধ চয়ন কৰাটো এক কলা। কোনো ভাষা অথবা শব্দ বাক্যৰ জোঁটনি শুদ্ধকৈ উচ্চাৰণ কৰা বা লিখাটোও এক কলা।

Advertisment

এই সন্দৰ্ভতে অনুষ্ঠিত হয় এক প্ৰতিযোগিতা স্পেলিং বী প্ৰতিযোগিতা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ডত আয়োজন কৰা হয় প্ৰতিযোগিতাখনি। উক্ত প্ৰতিযোগিতাখনিত সফলতা লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এগৰাকী ১৪ বছৰীয়া কিশোৰে।

ফ্ল'ৰিডাত জন্মগ্ৰহণ কৰা যুৱকগৰাকীৰ নাম হৈছে দেৱ শ্বাহ। ভাৰতীয় মূলৰ দেৱ শ্বাহে স্পেলিং বী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী হৈ ৫০ হাজাৰ ডলাৰ নগদ ধন লাভ কৰে। ১১ বৰ্ণযুক্ত এটি বাক্যক শুদ্ধ ৰূপত উপস্থাপন কৰি তেওঁ এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

বাক্যটিৰ শুদ্ধৰূপটি হৈছে "চাম্মোফিল"। যাৰ আভিধানিক অৰ্থ বালিত বাস কৰা জীৱ বিশেষ। দেৱ শ্বাহে ভাৰ্জিনিয়াৰ আৰ্লিংটনৰ চাৰ্লট ৱালছক পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰে। বিপৰিতে ৱালছ ৰানাৰ্ছ-আপৰ সন্মান লাভ কৰে।

Also Read: ধন পৰিশোধ কৰিব নোৱাৰা বাবে মালেছিয়াত জব্দ পাকিস্তানৰ বিমান

america spelling bee Florida