বিশ্ব শান্তিৰ বাবে একেলগে কাম কৰিব ভাৰত আৰু আমেৰিকাই...

বিশ্ব শান্তিৰ বাবে একেলগে কাম কৰিব ভাৰত আৰু আমেৰিকাই...

ডিজিটেল ডেস্কঃ তিনি দিনীয়া এক ভ্ৰমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীগৰাকীক দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীতেৰে অভিবাদন জনোৱা হয় । এই অভিবাদনৰ পিছতেই প্ৰধানমন্ত্ৰী মোডী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেন মিলিত হ'ব এখন দ্বিপাক্ষিক আলোচনাত । এই আলোচনাৰ পিছতেই কংগ্ৰেছৰ যুটীয়া বৈঠকত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

আজি ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, বিশ্বৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু আমেৰিকাই একে লগে কাম কৰাটো অত্যাৱশ্যকীয় ।" লগতে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, "বিশ্ব কল্যাণ আৰু বিশ্ব শান্তিৰ বাবে দুয়োখন দেশে একলগ হৈ কাম কৰাৰ প্ৰয়োজনীয়তা আছে ।"

লগতে জ' বাইডেনে কয় যে, ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰ দৰিদ্ৰতা দূৰীকৰণ, জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা, স্বাস্থ্যসেৱা সম্প্ৰসাৰণ আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰা এই সকলোবোৰ আমেৰিকা, ভাৰতৰ বাবে আৰু বিশ্বৰ বাবে গুৰুত্বপূৰ্ণ। প্ৰযুক্তিগত সামাজিক আৰু ৰাজনৈতিক সকলো দিশতে বৰ্তমানে বহুতো পৰিৱৰ্তন হৈছে। আজি আমি লোৱা সিদ্ধান্তই ভৱিষ্যতক প্ৰভাৱিত কৰিব । "

বিশ্ব শান্তিৰ বাবে একেলগে কাম কৰিব ভাৰত আৰু আমেৰিকাই...
শিশু নিৰ্যাতনৰ ঘটনা : প্ৰাক্তন মন্ত্ৰী আৰু পত্নীক আটক আৰক্ষীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in