Advertisment

ইৰানৰ সমৰ্থনত ভাৰত! ''আত্মৰক্ষাৰ বাবে লোৱা পদক্ষেপবোৰ বুজি পাঁও''

জেইছ-অল-অদলৰ ঘাটীত মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ কৰাৰ ফলত ২ শিশু নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।

author-image
Asomiya Pratidin
New Update
ইৰানৰ সমৰ্থনত ভাৰত! ''আত্মৰক্ষাৰ বাবে লোৱা পদক্ষেপবোৰ বুজি পাঁও''

ডিজিটেল ডেস্কঃ মঙলবাৰে ইৰানে চাৰ্জিকেল ষ্ট্ৰাইক চলাইছিল পাকিস্তানত। জেইছ-অল-অদলৰ ঘাটীত মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ কৰাৰ ফলত ২ শিশু নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।

Advertisment

এই ঘটনা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত কয় যে আমি বুজি পাইছো যে এই পদক্ষেপ আত্মৰক্ষাৰ বাবে লোৱা হৈছিল।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে, এই বিষয়টো ইৰান আৰু পাকিস্তানৰ মাজৰ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নীতি হৈছে শূন্য সহনশীলতা। আত্মৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপবোৰ আমি বুজি পাওঁ।

উল্লেখ্য যে, সন্ত্ৰাসবাদী সংগঠনটোৰ দুটাকৈ ঘাটীত আক্ৰমণ চলাইছিল ইৰানে। এই ঘটনাৰ পাছতেই সন্ত্ৰাসবাদী সংগঠনটোৱে এক বিবৃতিও জাৰি কৰিছিল। আনহাতে পাকিস্তানে কৈছিল যে এই আক্ৰমণত সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে। এই ঘটনাক গৰিহনা দি পাকিস্তানে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি সকীয়াই দিছিল।

Also Read: জামুগুৰিহাটত পথ দুৰ্ঘটনাত বিধস্ত মালবাহী ট্ৰাক

pakistan iran