জামুগুৰিহাটত পথ দুৰ্ঘটনাত বিধস্ত মালবাহী ট্ৰাক

জামুগুৰিহাটত পথ দুৰ্ঘটনাত বিধস্ত মালবাহী ট্ৰাক

author-image
Asomiya Pratidin
New Update
 জামুগুৰিহাটত পথ দুৰ্ঘটনাত বিধস্ত মালবাহী ট্ৰাক

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ শান্তিপুৰত ফ'ৰলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় এক পথ দুৰ্ঘটনাত। তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আহি থকা AS-01-DD-9988 নম্বৰৰ মালবাহী ট্ৰাকেখনে পথৰ মাজৰ ডিভাইদাৰত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

Advertisment

অৱশ্যে কথমপি চালক আৰু হেন্দিমেনৰ প্ৰাণ ৰক্ষা পৰে।ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দুৰ্ঘটনাত পতিত ট্ৰাকখন হেলনীয়া হৈ পৰি থকাত ৰাষ্ট্ৰীয় ঘাইপথৰে অহা যোৱা কৰা অনান্য বাহনৰ চালকসকলো শংকিত হৈ পৰে।উল্লেখ্য যে জামুগুৰিহাটৰ শান্তিপুৰত ফ'ৰলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ইয়াৰ পূৰ্বেও কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে।

Also Read: নগাঁৱৰ বিশিষ্ট ব্যৱসায়ী তথা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী গিৰীণ দাসৰ পৰলোকপ্ৰাপ্তি