ভাৰত আউট,চীন ইন ! কি ক'লে নৱনিৰ্বাচিত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুৱে...

ভাৰত আউট,চীন ইন ! কি ক'লে নৱনিৰ্বাচিত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুৱে...

ডিজিটেল ডেস্ক : শুকুৰবাৰে দ্বীপৰাষ্ট্ৰ মালদ্বীপৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ পৰ্ব অনুষ্ঠিত হৈ যায়। দ্বীপৰাষ্ট্ৰখনৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰে মহম্মদ মুইজজুৱে।

এই শপতগ্ৰহণ অনুষ্ঠানত আমন্ত্ৰণ ৰক্ষা কৰি ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী কিৰেণ ৰিজিজু উপস্থিত থাকে। অৱশ্যে অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। কিন্তু বিশেষ কাৰণবশতঃ প্ৰধানমন্ত্ৰীগৰাকী শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। প্ৰধানমন্ত্ৰী মোডী উপস্থিত থাকিব নোৱাৰা বিষয়টোৱে ইতিমধ্যে দুয়োখন দেশৰ সম্পৰ্কক লৈ চৰ্চা লাভ কৰিছে।

গুৰুত্বপূৰ্ণ বিষয় যে, নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি মুইজজুৱে নিৰ্বাচনত জয়ী হোৱাৰ পিছত 'ইণ্ডিয়া আউট' বুলি এক শ্ল'গান দিছিল। সম্প্ৰতি এই শ্ল'গান দুয়োখন দেশৰ সম্পৰ্কত প্ৰাসংগিক হৈ পৰিছে। কিয়নো ভাৰতৰ একাংশ সৈন্য থাকে দ্বীপৰাষ্ট্ৰখনত।

মালদ্বীপ বহুতো সৰু সৰু দ্বীপৰে গঠিত এখন দেশ। ভাৰতীয় সেনাৰ প্ৰায় ৭৫ জন সৈনিক ইয়াত বাস কৰে। তেওঁলোকৰ কাম হৈছে সাগৰ নিৰীক্ষণ কৰা আৰু ভাৰত আৰু মালদ্বীপৰ পৰা ভাবুকি চিনাক্ত কৰা। মালদ্বীপৰ বহু সংখ্যক লোকৰ ভাৰতীয় সৈনিকসকলৰ সৈতে সম্পৰ্ক ভাল নহয়।

তেওঁলোকৰ ধাৰণা যে, তেওঁলোকৰ দেশত আন এখন দেশৰ সৈনিকৰ উপস্থিতি সাৰ্বভৌমত্বৰ বাবে ভাবুকি। এনে এটা পৰিৱেশৰ পৰিপ্ৰেক্ষিতত নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি মহম্মদ মুইজজুৱে নিৰ্বাচনৰ আগেয়ে ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে, তেওঁ যেতিয়া নিৰ্বাচনত জয়ী হ'ব তেতিয়া ভাৰতীয় সৈন্যসকলক ঘূৰাই পঠিয়াব। এই সন্দৰ্ভতে তেওঁ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত উল্লেখ কৰিছিল বিশেষ শ্ল'গানটো- 'ইণ্ডিয়া আউট'।

উল্লেখ্য যে, মালদ্বীপক সময়ে সময়ে ভাৰতীয় সৈন্যৰ প্ৰয়োজন হৈ আহিছে। মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীৰ মতে, মালদ্বীপত ভাৰতীয় সৈন্যৰ উপস্থিতিৰ কাৰণ হৈছে দুখন হেলিকপ্টাৰ আৰু ডৰ্ণিয়াৰ বিমান।

ভাৰতে ২০১০ আৰু ২০১৩ চনত মালদ্বীপক দুখন হেলিকপ্টাৰ আৰু ডৰ্ণিয়াৰ উপহাৰ দিছিল, লগতে বিমানখনৰ তত্বাৱধানৰ বাবে টেকনিচিয়ানসকলক উপহাৰ দিছিল। ভাৰতে মালদ্বীপলৈ হেলিকপ্টাৰ আৰু বিমান প্ৰেৰণ কৰিছিল। যাতে ইয়াক চিকিৎসা আৰু অনুসন্ধান অভিযানৰ বাবে ব্যৱহাৰ কৰিব পাৰে।

আনহাতে ভাৰতীয় সৈন্যসকলক ঘূৰাই পঠোৱা হ'লে মালদ্বীপে ভাৰতৰ পৰিৱৰ্তে চীনা সৈন্য মোতায়েন কৰিব বিচাৰে নেকি বুলি সোধা এক প্ৰশ্নোত্তৰত ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুয়ে এই আশংকা খাৰিজ কৰিছে। মুইজজুৱে কয়- "আমি ভাৰতীয় সৈন্যৰ সলনি দেশখনত চীনা সৈন্য নিদিও, এনে কৰি আমি আঞ্চলিক ভাৰসাম্য নষ্ট কৰিব নিবিচাৰো।"

লগতে মুইজজুৱে কয়, "মই চীন বা ভাৰতপন্থী নহয়, মই মালদ্বীপৰ পক্ষপাতী। আমি চীন, ভাৰত আৰু অন্যান্য চুবুৰীয়া দেশসমূহৰ সৈতে কাম কৰিম। মালদ্বীপৰ মানুহে মোক ভাৰতীয় সৈন্যসকলক মোৰ ভূমিত থাকিবলৈ অনুমতি দিবলৈ নিৰ্বাচিত কৰা নাছিল। আমি কেৱল আমাৰ স্বাৰ্থ সুৰক্ষিত কৰি আছো আৰু সকলোৰে সৈতে সুসম্পৰ্ক বিচাৰো।"

ভাৰত আউট,চীন ইন ! কি ক'লে নৱনিৰ্বাচিত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুৱে...
গজাই-মনাই ক্ষেত্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠানত উপস্থিত থাকিব অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in