গজাই-মনাই ক্ষেত্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠানত উপস্থিত থাকিব অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা

গজাই-মনাই ক্ষেত্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠানত উপস্থিত থাকিব অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা

ডিজিটেল সংবাদ,লখিমপুৰ : সোণোৱাল কছাৰী জনগোষ্ঠীৰ গুৰু গজাই -মনাইৰ স্মৃতিত নিৰ্মান কৰা লখিমপুৰ বগী নদীস্থিত বাইথ’ উপসনাস্থলী গজাই মনাই ক্ষেত্ৰৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি বৰ্ষযোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ অসমৰ সোণোৱাল কছাৰী বসতি প্ৰধান ২৬ খন গাঁৱৰ সহযোগত শনিবাৰে গজাই -মনাই ক্ষেত্ৰত ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি ২৪৩ গৰাকী সমাজৰ অৱহেলিত মাতৃক সেৱা কৰিব ৷

লখিমপুৰৰ সমাজকৰ্মী গোবিন বৰদলৈৰ “মা ’ সেৱা অনুষ্ঠান ৰূপায়িত হ’ব ৷ লগতে শ্ৰৱণ কুমাৰ বঁটা প্ৰদান কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে ৷ সোণোৱাল কছাৰীৰ বাৰেবৰণীয়া কৃষ্টি সংস্কৃতি প্ৰদৰ্শনৰে ৰূপায়িত হ’বলগীয়া অনুষ্ঠানত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ লগতে মুখ্য অতিথি হিচাবে উপস্থিত থাকিব সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা।

গজাই-মনাই ক্ষেত্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠানত উপস্থিত থাকিব অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা
’বিক্ষিত ভাৰত সংকল্প যাত্ৰা’ : বি ভি এফ চিৰ ড০ মহান্তিৰ উপস্থিতিত বাক্সাত কাৰ্য্যসূচী ৰূপায়ণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in