/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-05/3bog5o1i/web-1.png)
ডিজিটেল ডেস্কঃ ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত আৰু কানাডাৰ সম্পৰ্ক। দেওবাৰে কানাডাৰ ব্ৰেম্পইন চহৰৰ এটা হিন্দু মন্দিৰত কানাডাৰ খালিস্তানী সৰ্মথকে আক্ৰমণ চলোৱাৰ ঘটনা সংঘটিত হৈছ। ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি,মন্দিৰটোত এখন সভা চলি থকা সময়তে কানাডাৰ খালিস্তানী সৰ্মথকে মন্দিৰলৈ অহা হিন্দু সকলক আক্ৰমণৰ লক্ষ্য কৰি লয়।
অভিযুক্তই হাতত খালিস্তানী পতাকা আৰু তৰোৱাল লৈ চলোৱা এই আক্ৰমণত মহিলা আৰু শিশু আঘাতপ্ৰাপ্ত হয়। ইমানতে শান্ত নাথাকি কানাডাৰ খালিস্তানী সৰ্মথকে মন্দিৰটো ধ্বংস কৰা চেষ্টা চলায়। ইতিমধ্যে সমগ্ৰ ঘটনাৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-05/m6rdkdrz/expect-separatists-will-be-punished-india-on-hindu-temple-attack-in-canada-040252413-1x1.webp)
এই ঘটনাৰ পাছতে কানাডাৰ প্ৰধানমন্ত্ৰী জষ্টিন ট্ৰুডোৱে সমগ্ৰ ঘটনাৰ গৰিহণা দিয়ে। জানিব পৰা মতে, কানাডাত হত্যাৰ বলি হোৱা খালিস্তানী সমৰ্থক হৰদ্বীপ সিং নিজ্জাৰৰ মৃত্যুৰ পাছতে ক্ৰমান্বয়ে হিন্দু সকলক লৈ হিংসাত্মক হৈ পৰিছে খালিস্তানী সমৰ্থক সকল।
ইফালে এই ঘটনাৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে ভাৰতীয় উচ্চ আয়োগে। কানাডাত থকা হিন্দু সকলৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি উচ্চ আয়োগে শীঘ্ৰে কানাডাৰ কৰ্তৃপক্ষক এই হিন্দু সকলৰ সুৰক্ষা সন্দৰ্ভত যথাযথ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-05/i3oq4x2v/a-violent-mob-was-seen-using-sticks-and-attacking-people-at-044848960-16x90.avif)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এই ঘটনা সামাজিক মাধ্যমত প্ৰচাৰ হোৱা পাছতে কানাডা তথা ভাৰতৰ কেইবাগৰাকী ৰাজনৈতিকবিদে এই ঘটনাৰ একেমুখে নিন্দা কৰে। মঙলবাৰে এই ঘটনাৰ গৰিহণা দিয়ে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে । লগতে ভৱিষ্যতে এনে ঘটনা প্ৰতিহত কৰিবলৈ কানাডা চৰকাৰৰ ওচৰত বিষয়টো উত্থাপন কৰিবলৈ কেন্দ্ৰক আহ্বান জনায় ।
Also Read: ড’নাল্ড ট্ৰাম্পৰ ঘোষণা : ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’লেই অবামা, কমলা হেৰিছ আদিৰ বিৰুদ্ধে হ’ব কঠোৰ